গুৱাহাটী, ১১ মে’, ২০২৬ : সফলতাৰে সামৰণি পৰিল কাহিলীপাৰাস্থিত মডাৰ্ণ বেডমিণ্টন একাডেমীৰ অত্যাধুনিক ক’ৰ্টত যোৱা ৯ আৰু ১০ মে’ত অনুষ্ঠিত হোৱা আঞ্চলিক আন্তঃবিদ্যালয় বেডমিণ্টন (Badminton) চেম্পিয়নশ্বিপ- ২০২৬ ৰ। মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত আয়োজিত এই দুদিনীয়া বৰ্ণিল ক্ৰীড়া মহোৎসৱে উদীয়মান খেলুৱৈসকলৰ মাজত এক নতুন উছাহ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
মডাৰ্ণ স্কুল অৱ লেংগুৱেজ, স্পৰ্টছ এণ্ড পাৰফৰ্মিং আৰ্টছৰ তত্ত্বাৱধানত সম্পন্ন হোৱা এই চেম্পিয়নশ্বিপত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ২৫০ গৰাকীৰো অধিক উদীয়মান খেলুৱৈয়ে অংশগ্ৰহণ কৰে। খেলপথাৰৰ এই উখল-মাখল পৰিৱেশে প্ৰতিগৰাকী যুৱ শ্বাটলাৰৰ মাজত থকা ক্ৰীড়াসুলভ মনোভাৱক অধিক প্ৰাণৱন্ত কৰি তোলে।
উল্লেখ্য যে, ৯ বছৰ অনূৰ্ধ্বৰ পৰা ১৭ বছৰ অনূৰ্ধ্ব পৰ্যন্ত ল’ৰা আৰু ছোৱালীৰ একক তথা ডাবল শাখাৰ বিভিন্ন শিতানত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছিল। সমগ্ৰ প্ৰতিযোগিতাখনত এই উদীয়মান খেলুৱৈসকলে নিজৰ অসাধাৰণ প্ৰতিভা, দৃঢ়তা আৰু অনুশাসন প্ৰদৰ্শন কৰি এই অনুষ্ঠানটোক উদীয়মান ক্ৰীড়া পাৰদৰ্শিতাৰ এক স্মৰণীয় উৎসৱলৈ ৰূপান্তৰিত কৰে।
এই প্ৰতিযোগিতাৰ সফল সামৰণি সন্দৰ্ভত মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে কয়, ”আমাৰ এই অত্যাধুনিক বেডমিণ্টন ক’ৰ্টত আঞ্চলিক আন্তঃবিদ্যালয় বেডমিণ্টন চেম্পিয়নশ্বিপ- ২০২৬ ৰ সফল আয়োজন কৰিবলৈ পাই আমি সঁচাকৈয়ে অত্যন্ত আনন্দিত অনুভৱ কৰিছোঁ। খেলপথাৰত যুৱ শ্বাটলাৰসকলৰ মাজত যি অদম্য শক্তি, একাগ্ৰতা আৰু ক্ৰীড়াসুলভ মানসিকতা দেখা গ’ল, সেয়া আমাৰ বাবে এক বিৰল প্ৰেৰণা।”
তেওঁ লগতে কয়, “প্ৰতিগৰাকী অংশগ্ৰহণকাৰী তথা বিজয়ী খেলুৱৈলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াৰোপৰি সমগ্ৰ অনুষ্ঠানটোক এক ভব্য সফলতা প্ৰদান কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা আমাৰ বিষয়ববীয়াসকল, প্ৰশিক্ষক, ৰেফাৰী, অভিভাৱক আৰু এম ই এছ ক্ৰীড়া দলটোক মই ধন্যবাদ জনাইছোঁ।”
লক্ষ্যণীয় যে, প্ৰতিযোগিতাখনৰ বিভিন্ন শিতানত যুৱ খেলুৱৈসকলে অসাধাৰণ ক্ৰীড়া পাৰদৰ্শিতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। ইয়াৰ পাছতে অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত বিষয়ববীয়া, প্ৰশিক্ষক আৰু অভিভাৱকসকলৰ উপস্থিতিত বিজয়ী তথা ৰানাৰ্ছ-আপসকলক আনুষ্ঠানিকভাৱে সন্মানিত কৰা হয়। দক্ষ বিষয়া আৰু মডাৰ্ণ ইংলিছ স্কুলৰ ক্ৰীড়া দলটোৰ নিৰন্তৰ প্ৰচেষ্টাই সমগ্ৰ টুৰ্ণামেণ্টখনত এক পেছাদাৰী তথা তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ক্ৰীড়া পৰিৱেশ নিশ্চিত কৰে।
প্ৰণিধানযোগ্য যে, বিভিন্ন শিক্ষানুষ্ঠান তথা অভিভাৱকৰ অভূতপূৰ্ব সঁহাৰিয়ে ক্ৰীড়াৰ ক্ষেত্ৰত মডাৰ্ণ ইংলিছ স্কুললৈ এক নতুন উৎসাহ কঢ়িয়াই আনিছে। এই সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখিয়েই মডাৰ্ণ বেডমিণ্টন একাডেমীৰ জৰিয়তে এই চেম্পিয়নশ্বিপক প্ৰতিবছৰে অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে বিদ্যালয়খনে। ইয়াৰ মূল উদ্দেশ্য হৈছে উদীয়মান শিক্ষাৰ্থীসকলৰ মাজত ক্ৰীড়া সংস্কৃতি আৰু সৰ্বাংগীণ বিকাশৰ দিশটো অধিক শক্তিশালী কৰা।
