নিউজ ডেস্ক ১২ মে’ ২০২৬ : ৰে’লৱে ব’ৰ্ডৰ ট্ৰেকচন আৰু ৰ’লিং ষ্টক সদস্য (এমটিআৰএছ) আৰ. ৰাজাগোপালে ১০ মে’ ২০২৬ তাৰিখে ৰে’ল চালকৰ কল্যাণ, ৰ’লিং ষ্টকৰ ৰক্ষণাবেক্ষণ আৰু সুৰক্ষা বৃদ্ধিৰ লগতে উন্নত প্ৰযুক্তি গ্ৰহণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) অধীনস্থ কামাখ্যা কোচিং ডিপোত গুৰুত্বপূৰ্ণ পৰিচালন আৰু ৰক্ষণাবেক্ষণ সুবিধাসমূহৰ এক বিস্তৃত পৰিদৰ্শন সম্পন্ন কৰে। এই পৰিদৰ্শনৰ সময়ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ নেতৃত্বত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গও অংশগ্ৰহণ কৰে।
পৰিদৰ্শনকালত এমটিআৰএছে কামাখ্যাৰ ৰানিং ৰুম আৰু ক্ৰু লবী পৰিদৰ্শন কৰি বন্দে ভাৰত শ্লীপাৰ আৰু অন্যান্য প্ৰিমিয়াম ৰে’লসমূহৰ চালকসকলৰ বাবে প্ৰদান কৰা বিশ্ৰাম সুবিধা আৰু আনুষংগিক স্বাচ্ছন্দ্যসমূহৰ পৰ্যালোচনা কৰে। কৰ্মচাৰীসকলৰ বাবে উচ্চমানৰ আৰাম আৰু পৰিচালন প্ৰস্তুতি বজাই ৰখাৰ ওপৰতো তেখেতে বিশেষ গুৰুত্ব আৰোপ কৰে। কামাখ্যা ডবা ৰক্ষণাবেক্ষণ ডিপোত এমটিআৰএছে ভাৰতৰ প্ৰথমখন বন্দে ভাৰত ৰেক পৰিদৰ্শন কৰি এই ডিপোত গ্ৰহণ কৰা বিভিন্ন ৰক্ষণাবেক্ষণ আৰু সুৰক্ষা অনুশীলনসমূহৰ পৰ্যালোচনা কৰে।
তেখেতে পিট লাইনত ৰ’লিং ষ্টকৰ স্থিতি নিৰীক্ষণৰ নতুন আৰু উন্নত পদ্ধতিৰ বিষয়ে বিস্তৃত পৰ্যবেক্ষণ কৰে। এমটিআৰএছে ৰে’লৱে কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰি তেওঁলোকৰ সমৰ্পিত মনোভাৱৰ প্ৰশংসা কৰাৰ লগতে কেইবাটাও নতুন সুৰক্ষা ব্যৱস্থাৰ ৰূপায়ণৰ বাবে তেওঁলোকক অভিনন্দন জনায়। পৰিদৰ্শনৰ অংশ হিচাপে বন্দে ভাৰত স্লীপাৰ ডবাসমূহৰ মানদণ্ড পৰ্যালোচনা কৰা হয়। সুৰক্ষা অনুশীলন অধিক সুদৃঢ় কৰি ৰক্ষণাবেক্ষণৰ দক্ষতা বৃদ্ধিৰ ওপৰতো পৰামৰ্শ আগবঢ়োৱা হয়।
বিষয়াবৰ্গই এমটিআৰএছক লামডিং মণ্ডলে বিকশিত কৰা প্ৰযুক্তিভিত্তিক ৰ’লিং ষ্টক আৰু ট্ৰেক নিৰীক্ষণ প্ৰণালীৰ বিষয়েও অৱগত কৰে। এই পদক্ষেপসমূহে অনাগত সময়ত ৰক্ষণাবেক্ষণ, পৰিচালন সুৰক্ষা আৰু সমগ্ৰ সংমণ্ডলত ৰে’ল পৰিচালনৰ সামগ্ৰিক দক্ষতা উন্নত কৰাৰ লক্ষ্য ৰাখিছে। এমটিআৰএছে বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকলৰ সৈতে মতবিনিময় কৰি ৰে’ল পৰিচালনৰ দিশত অহৰহ উদ্ভাৱন, সুৰক্ষা সচেতনতা আৰু দলীয় কামকাজৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই উন্নত প্ৰযুক্তি আৰু সৰ্বোত্তম পৰিচালন পদ্ধতি গ্ৰহণৰ জৰিয়তে আধুনিকীকৰণ, সুৰক্ষা বৃদ্ধি আৰু যাত্ৰী সা-সুবিধাৰ দিশত সদায় প্ৰতিশ্ৰুতিবদ্ধ।
