নিউজ ডেস্ক, ১৩ মে’ ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেন্দ্ৰীয় চিকিৎসালয়ে ১০ মে’ ২০২৬ তাৰিখে ৰাষ্ট্ৰজোৰা নৱজাতকৰ পুনৰুজ্জীৱিতকৰণ কাৰ্যসূচীৰ দিৱসত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নৱজাতকৰ স্বাস্থ্যসেৱা শক্তিশালীকৰণ আৰু নৱজাতকৰ প্ৰতিৰোধযোগ্য মৃত্যু হ্ৰাস কৰাৰ দিশত তাৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে মালিগাঁওস্থিত কেন্দ্ৰীয় চিকিৎসালয়ৰ ১৫ জন স্বাস্থ্যকৰ্মীয়ে এক বিশেষ প্ৰশিক্ষণ (Training) কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

মালিগাওঁৰ কেন্দ্ৰীয় চিকিৎসালয়ৰ শিশু ৰোগ বিভাগৰ জ্যেষ্ঠ মাণ্ডলিক চিকিৎসা বিষয়া ড° ইমানুৱেল টুৱ’লৰে, লীড ইনষ্ট্ৰাক্টৰ হিচাপে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত সমন্বয়ক হিচাপে শিশু ৰোগ বিভাগৰ জ্যেষ্ঠ মাণ্ডলিক চিকিৎসা বিষয়া ড° কেএমএছকে কৃষ্ণাই নিজৰ সেৱা আগবঢ়ায়। এই ৰাষ্ট্ৰীয়জোৰা কাৰ্যসূচী ভাৰত চৰকাৰ, ইণ্ডিয়ান একাডেমী অফ পেডিয়েট্ৰিক্স (আইএপি), ফেডাৰেচন অফ অব্স্টেট্ৰিক এণ্ড গাইনেক’লজিকেল চ’চাইটিজ অফ ইণ্ডিয়া (এফঅজিএছআই) আৰু ট্ৰেইণ্ড নার্চেজ এচ’চিয়েচন অফ ইণ্ডিয়া (টিএনএআই)ৰ সহযোগত ৰাষ্ট্ৰীয় নিওনেট’লজী ফ’ৰাম (এনএনএফ)ৰ নেতৃত্বত আয়োজন কৰা হয়।

এই কাৰ্যসূচীৰ লক্ষ্য আছিল প্ৰতিটো প্ৰসৱ স্থানত বিস্তৃত পৰিসৰত জীৱনদায়িনী সামৰ্থ্য গঢ়ি তুলি প্ৰতিটো নৱজাতকৰ বাবে অন্ততঃ এজন প্ৰশিক্ষিত স্বাস্থ্যকৰ্মী উপলব্ধ কৰা। এই পদক্ষেপে জন্মৰ পিছতেই অতি গুৰুত্বপূৰ্ণ “সোণালী ক্ষণ”ত সময়মতে তত্বাৱধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি তাৎক্ষণিকভাৱে পুনৰুজ্জীৱনৰ সাহাৰ্য প্ৰদানেৰে নৱজাতকৰ জীৱন ৰক্ষাৰ সম্ভাৱনা যাতে বহু পৰিমাণে বৃদ্ধি কৰিব পৰা যায় তাৰ ওপৰত জোৰ দিয়ে। এই কাৰ্যসূচীত অংশগ্ৰহণৰ জৰিয়তে মালিগাঁওস্থিত কেন্দ্ৰীয় চিকিৎসালয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মানসম্পন্ন স্বাস্থ্যসেৱা আৰু চিকিৎসা পেছাদাৰীসকলৰ সামৰ্থ্য বৃদ্ধিৰ প্ৰতি থকা দায়বদ্ধতাকে পুনৰ নিশ্চিত কৰিলে।