নিউজ ডেস্ক, ১৬ মে, ২০২৬ : উত্তৰ ভাৰত আৰু উত্তৰবঙ্গৰ মাজত উন্নত সংযোগ ব্যৱস্থা প্ৰদান কৰাৰ লক্ষ্যেৰে ভাৰতীয় ৰে’লৱেৰ দ্বাৰা অমৃতসৰ আৰু নিউ জলপাইগুড়ীৰ মাজত অমৃত ভাৰত এক্সপ্ৰেছ (Amrit Bharat Express) ৰে’লৰ নিয়মিত সেৱা প্ৰৱৰ্তন কৰা হৈছে। কেন্দ্ৰীয় ৰে’ল আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ ৰাজ্যিক মন্ত্ৰী ৰভনীত সিঙৰ দ্বাৰা অমৃতসৰ জংচনৰ পৰা অমৃত ভাৰত এক্সপ্ৰেছ (অমৃতসৰ-নিউ জলপাইগুড়ী) ৰে’লখনৰ শুভাৰম্ভ কৰা হয়।
ৰে’ল নং ১৪৬৬৪/১৪৬৬৩ (অমৃতসৰ-নিউ জলপাইগুড়ী-অমৃতসৰ) সাপ্তাহিক ভিত্তিত অমৃতসৰৰ পৰা প্ৰতি বৃহস্পতিবাৰে আৰু নিউ জলপাইগুড়ীৰ পৰা প্ৰত্যেক শনিবাৰে প্ৰস্থান কৰিব। এই নিয়মিত সপ্তাহিক সেৱাৰ প্ৰৱৰ্তনে পঞ্জাৱ, উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবঙ্গৰ মাজত ভ্ৰমণ কৰা যাত্ৰীসকলক অধিক উপকৃত কৰিব আৰু ৰে’ল সংযোগ উন্নততৰ কৰি সুবিধাজনক ভ্ৰমণ বিকল্প প্ৰদান কৰিব।
১৪ মে, ২০২৬ ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি বৃহস্পতিবাৰে ৰে’ল নং ১৪৬৬৪ অমৃতসৰৰ পৰা ১২:৪৫ বজাত যাত্ৰা কৰি প্ৰতি শনিবাৰে ০৪:১৫ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ১৬ মে, ২০২৬ ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি শনিবাৰে ৰে’ল নং ১৪৬৬৩ নিউ জলপাইগুড়ীৰ পৰা ০৮:০০ বজাত যাত্ৰা কৰি প্ৰতি সোমবাৰে ০২:২০ বজাত অমৃতসৰত গৈ উপস্থিত হ’ব। যাত্ৰাৰ উভয় দিশত ৰে’লখনে অন্যান্য ষ্টেচনৰ লগতে শিলিগুড়ী জংচন, বাগডোগ্ৰা, আৰাৰিয়া, ৰঘুপুৰ, চাক্ৰি জংচন, ৰাক্সৌল জংচন, নৰকটিয়াগঞ্জ জংচন, গোৰখপুৰ, বৰহনি, গোন্দা জংচন, সীতাপুৰ জংচন, বৰেলি, সাহাৰানপুৰ জংচন আৰু লুধিয়ানা জংচনত হল্ট কৰিব।
অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লখন ২২ টা ডবাৰে গঠিত হ’ব আৰু যাত্ৰীসকলক আৰামদায়ক আৰু সুলভ যাত্ৰাৰ সুবিধা প্ৰদান কৰিব। ৰে’লখনে নৱনিৰ্মিত আৰাৰিয়া-গলগলিয়া ৰুট হৈ চলাচল কৰি উত্তৰবঙ্গ আৰু বিহাৰৰ এক বৃহৎ অংশৰ জনগণৰ বাবে ৰে’ল সংযোগ প্ৰদান কৰিব। এই ৰে’লখনে ইয়াৰ যাত্ৰা পথৰ আশে-পাশে থকা ৰাজ্যসমূহৰ মাজত বাণিজ্য, পৰ্যটন আৰু সাংস্কৃতিক বিনিময়ক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত আঞ্চলিক অৰ্থনীতিৰ বিকাশ আৰু উন্নয়নত অৰিহণা যোগাব। উত্তৰ ভাৰত আৰু দেশৰ পূৰ্বাঞ্চলৰ মাজত উন্নত ৰে’ল সংযোগে জনসাধাৰণ, কৃষিজাত উৎপাদিত সামগ্রী, বাণিজ্যিক সামগ্ৰী আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে চলাচল সহজ কৰি সংশ্লিষ্ট অঞ্চলসমূহত অৰ্থনৈতিক কামকাজ বৃদ্ধি কৰি তুলিব।
