নিউজ ডেস্ক, ১৭ মে’ ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মালবাহী ব্যৱসায়ে অবিৰতভাৱে এক শক্তিশালী গতিবেগ বজাই ৰাখি বিভিন্ন মণ্ডলত মালবস্তু লোডিঙৰ (Loading) দিশত উল্লেখযোগ্য সফলতা লাভ কৰাৰ লগতে অঞ্চলটোত বাণিজ্য আৰু সামগ্ৰী পৰিবহণক উৎসাহিত কৰাৰ অৰ্থে নীতিগত পদক্ষেপ গ্ৰহণ কৰি আহিছে। এক গুৰুত্বপূৰ্ণ পৰিচালন পদক্ষেপ হিচাপে, কাটিহাৰ মণ্ডলৰ অধীনস্থ ৰহমতপুৰ আৰু পাৱাখালি ষ্টেচন দুটা ১৬ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশীয় লগতে বাংলাদেশ অভিমূখী ৰে’ল পৰিচালনৰ অন্তৰ্ভুক্তিৰে উভয় দিশৰ বহিৰ্মূখী আৰু অন্তৰ্মূখী মালবাহী ৰে’লৰ পৰিচালনৰ বাবে মুকলি কৰা হৈছে।

বাঁহ পৰিবহণক উৎসাহিত কৰাৰ লগতে সংশ্লিষ্ট উদ্যোগসমূহক সমৰ্থন জনাই, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পৰা যাত্ৰা আৰম্ভ কৰা সমগ্ৰ বাঁহৰ পৰিবহনত কাভাৰ্ড ৱাগনত ব্যস্ত ঋতুৰ অতিৰিক্ত মাচুলৰ পৰা ৰেহাই দিয়াৰ লগতে ইয়াক ১ মে’ ২০২৬ ৰ পৰা ৩০ এপ্ৰিল ২০২৭ পৰ্যন্ত এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে। এই সময়ছোৱাত আলিপুৰদুৱাৰ মণ্ডলে ধুপগুড়ী ষ্টেচনৰ পৰা নিউ তিনিচুকীয়া আৰু শালচাপ্ৰা ষ্টেচনলৈ ৩৭৮ খন ৱাগনেৰে আলুৰ ৯ খন ৰেক লোড কৰি ১.৬১ কোটি টকাৰ মালবাহী ৰাজহ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কাটিহাৰ মণ্ডলৰ অধীনত পূৰ্ণিয়া জংচন আৰু জালালগড় ষ্টেচনৰ পৰা ১২৬ খন ৱাগনত গমৰ ৩ খন ৰেক  লোড কৰি ০.৩৩ কোটি টকাৰ মালবাহী ৰাজহ উপাৰ্জন কৰা হৈছে।

বিভিন্ন সামগ্ৰী খণ্ডত লামডিং মণ্ডলে মালবস্তু লোডিঙৰ দিশত এক উল্লেখযোগ্য সফলতা লাভ কৰিছে। ষ্টোন চিপছৰ মুঠ ১,৬৮৪ খন ৱাগন মইনাৰবন্দ, পাচগ্ৰাম, ডিটকছড়া, বিহাড়া, মলভোম আৰু শোখুভি ষ্টেচনৰ পৰা জিৰাণীয়া, ছাব্ৰুম, বিলোনিয়া, আম্বাছা, উদয়পুৰ আৰু ছাইৰাঙৰ বিভিন্ন গন্তব্যস্থানলৈ বুক কৰা হয়, যাৰ পৰা ৭.৬৪ কোটি টকাৰ মালবাহী ৰাজহ অৰ্জন কৰিব পৰা হৈছে। ইয়াৰ উপৰিও চিমেন্টৰ ১,৯৮৬ খন ৱাগন তেতেলিয়া, ষ্টাৰ, লংকা, শালচাপ্ৰা আৰু কমলাজাৰি ষ্টেচনৰ পৰা ডিমাপুৰ, কাটিহাৰ, নিউ তিনিচুকীয়া, যোৰহাট টাউন, নিউ জলপাইগুড়ী, নিউ বঙাইগাঁও, ৰঙিয়া, জিৰাণীয়া, ছাইৰাং আৰু ফালাকাটা পৰ্যন্ত বিভিন্ন গন্তব্যস্থানলৈ বুক কৰা হয়, যাৰ পৰা ১০.৯৬ কোটি টকাৰ মালবাহী ৰাজহ অৰ্জন কৰা হৈছে।

ইয়াৰ উপৰিও ৪০০ খন ৱাগনত পেট্ৰোলিয়াম অইল আৰু লুব্ৰিকেণ্ট (পিঅএল) বুক কৰা হয়, যাৰ পৰা ৩.৪১ কোটি টকাৰ মালবাহী ৰাজহ উপাৰ্জন হয়। বাঁহ পৰিবহন খণ্ডত, লামডিং মণ্ডলৰ অধীনস্থ লামসাখাং ষ্টেচনৰ পৰা ২০ খন ৱাগন বেম্বো চিপছ লোড কৰা হয়, যাৰ পৰা ০.১৮ কোটি টকা ৰাজহ অৰ্জন হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেই মালবাহী পৰিবহনৰ আন্তঃগাঁথনি শক্তিশালীকৰণ, গ্ৰাহক-কেন্দ্ৰিক নীতিসমূহৰ উন্নতকৰণ আৰু উত্তৰ-পূৰ্ব্বাঞ্চল ও আশে-পাশে থকা অঞ্চলসমূহত আৰ্থিক বিকাশ আৰু শিল্পোন্নয়নক সমৰ্থন কৰাৰ অৰ্থে উপযুক্ত পৰিবহণ সেৱা নিশ্চিত কৰাৰ দিশত গুৰুত্ব আৰোপ কৰি আহিছে।