নিউজ ডেস্ক, ৩ জুন, ২০২৬ : গ্ৰীষ্মকালীন যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে ৰে’ল নং ০৫৯৩২/০৫৯৩১ (ডিব্ৰুগড়-কলকাতা-ডিব্ৰুগড়) আৰু ৰে’ল নং ০৩৪০৭/০৩৪০৮ (ভাগলপুৰ-কাটিহাৰ-ভাগলপুৰ)ৰ সেৱা যথাক্ৰমে অতিৰিক্ত আঠটা আৰু তিনিটা ট্ৰিপলৈকে সম্প্ৰসাৰণ কৰা হৈছে। ইয়াৰ উপৰিও ৰে’ল নং ০৫৬৩০ (গুৱাহাটী-তিৰুপতি) আৰু ৰে’ল নং ০৫৮৬২ (ৰঙাপাৰা নৰ্থ-বিজয়াৱাড়া) এটা ট্ৰিপৰ বাবে ৱান ৱে বিশেষ ৰে’ল সেৱা ৰূপে পৰিচালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ফালৰ পৰা।
ৰে’ল নং ০৫৯৩২ (ডিব্ৰুগড়-কলকাতা) বিশেষ ৰে’লখন ৬ জুনৰ পৰা ২৫ জুলাই, ২০২৬ লৈকে সম্প্ৰসাৰণ কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৫৯৩১ (কলকাতা-ডিব্ৰুগড়) বিশেষ ৰে’লখন ৮ জুনৰ পৰা ২৭ জুলাই, ২০২৬ লৈকে সম্প্ৰসাৰণ কৰা হৈছে। এই ৰে’লসমূহ বিদ্যমান সেৱাৰ সময়সূচী, গঠন আৰু ষ্টপেজসমূহৰ সৈতে অতিৰিক্ত আঠটা ট্ৰিপৰ বাবে চলাচল কৰিব। ৰে’ল নং ০৩৪০৭ (ভাগলপুৰ-কাটিহাৰ) বিশেষ ৰে’লখন ৪ জুন, ২০২৬ লৈকে সম্প্ৰসাৰণ কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৩৪০৮ (কাটিহাৰ-ভাগলপুৰ) বিশেষ ৰে’লখন ৪ জুন, ২০২৬ লৈকে সম্প্ৰসাৰণ কৰা হৈছে।
এই ৰে’লসমূহ বিদ্যমান সেৱাৰ সময়সূচী, গঠন আৰু ষ্টপেজসমূহৰ সৈতে অতিৰিক্ত তিনিটা ট্ৰিপৰ বাবে চলাচল কৰিব। ইয়াৰ উপৰিও ৪ জুন, ২০২৬ তাৰিখে দুখন ৱান ৱে বিশেষ ৰে’ল এটাকৈ ট্ৰিপৰ বাবে পৰিচালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অৰ্থাৎ ৰে’ল নং ০৫৬৩০ (গুৱাহাটী-তিৰুপতি) আৰু ৰে’ল নং ০৫৮৬২ (ৰঙাপাৰা নৰ্থ-বিজয়ৱাড়া) ৰে’লখন বৃহস্পতিবাৰে চলাচল কৰিব। এই বিশেষ ৰে’ল সেৱাসমূহে গ্ৰীষ্মকালীন যাত্ৰী ভিৰৰ সময়ছোৱাত উন্নত সংযোগ, সুগম যাত্ৰী পৰিবহণ আৰু অধিক আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰি তুলিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবচাইটত উপলব্ধ থকাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো উপলব্ধ আছে। যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে সবিশেষ নিৰীক্ষণ কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে।
