নিউজ ডেস্ক, ৪ জুন, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই অধিক দক্ষতা, সঠিকতা আৰু সুৰক্ষাৰ সৈতে গুৰুত্বপূৰ্ণ ট্ৰেক আৰু অভিযান্ত্ৰিকী তত্বাৱধানৰ কামকাজসমূহ ৰূপায়ন কৰাৰ অৰ্থে এখন ৰে’ল-বৰ্ন মেইন্টেনেন্স ভেহিকেলৰ (RBMV) অন্তৰ্ভুক্ত কৰি আন্তঃগাঁথনি তত্বাৱধানৰ ক্ষমতা অধিক শক্তিশালী কৰি তুলিছে। ক্ৰয় কৰা এই নতুন বাহনখন বিশেষভাৱে মিজোৰামৰ নিৰ্মাণাধীন আৰু প্ৰত্যাহ্বানমূলক ভৈৰবী-ছাইৰাং ৰে’লপথ প্ৰকল্পৰ দৰে দুৰ্গম আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ৰে’ল খণ্ডসমূহত ৰক্ষণাবেক্ষণ কামকাজসমূহত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

এই অত্যাধুনিক ৰক্ষণাবেক্ষণ বাহনখন আধুনিক সা-সুবিধাৰে সজ্জিত, যি দূৰৱৰ্তী আৰু দুৰ্গম এলেকাত থকা কৰ্মস্থলীলৈ শ্ৰমিক, সামগ্ৰী আৰু ৰক্ষণাবেক্ষণ সা-সঁজুলি পোনপটীয়াকৈ পৰিবহণ কৰিবলৈ সক্ষম হ’ব। এই বাহনখনত বিশেষভাৱে লিফটিং আৰু হেণ্ডলিং ব্যৱস্থা সংযোজন কৰা হৈছে, যি ৰে’লৱে কৰ্মীসকলক ট্ৰেক সম্পৰ্কীয় কাম, সা-সৰঞ্জামৰ প্ৰতিস্থাপন আৰু জৰুৰীকালীন পুনৰুদ্ধাৰ কাৰ্য সুৰক্ষিতভাৱে আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পন্ন কৰিবলৈ সহায়ক হ’ব। ইয়াৰ ব্যৱহাৰে পৰম্পৰাগত পদ্ধতিৰ ওপৰত নিৰ্ভৰশীলতা বহু পৰিমাণে হ্ৰাস কৰি সামগ্ৰিক পৰিচালন দক্ষতা বৃদ্ধি কৰি তুলিব।

ভৈৰবী-ছাইৰাং খণ্ডটো পাহাৰীয়া ভূ-খণ্ডৰ মাজেৰে অতিক্ৰম কৰিছে আৰু ইয়াত অনন্য অভিযান্ত্ৰিক প্ৰত্যাহ্বান থকাৰ বাবে এই খণ্ডত সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য ৰে’ল সেৱা নিশ্চিত কৰিবলৈ শক্তিশালী ৰক্ষণাবেক্ষণ ব্যৱ্স্থাৰ প্ৰয়োজন। এই ৰক্ষণাবেক্ষণ বাহনৰ অন্তৰ্ভুক্তিয়ে পৰিদৰ্শন আৰু আন্তঃগাঁথনি তদাৰক কাৰ্যত সহায় কৰিব। ইয়াৰ উপৰিও প্ৰতিৰোধমূলক তত্বাৱধান কাৰ্যত ই উপযোগী হোৱাৰ লগতে বিঘিনি হ্ৰাস কৰি সম্পদৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰি তুলিব।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাবে সুৰক্ষা এক সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়।

এই আধুনিক ৰক্ষণাবেক্ষণ বাহনখনৰ ব্যৱহাৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰীয় পৰিস্থিতিত ৰক্ষণাবেক্ষণ কাৰ্য সম্পাদন কৰিবলৈ ৰে’লৱে কৰ্মীসকলক এক সমৰ্পিত আৰু সুদক্ষ প্লেটফৰ্ম প্ৰদান কৰি সুৰক্ষা মানদণ্ড অধিক শক্তিশালী কৰি তুলিব। ৰক্ষণাবেক্ষণ কাৰ্যৰ উন্নত যান্ত্ৰিকীকৰণে গধুৰ সা-সৰঞ্জাম আৰু সামগ্ৰীৰ হস্তচালিত নিয়ন্ত্ৰণ হ্ৰাস কৰি কৰ্মস্থলীৰ সুৰক্ষা আৰু উৎপাদনশীলতা অধিক বৃদ্ধি কৰি তুলিব।