গোৱালপাৰা, ৮ জুন, ২০২৬ : বাদুংদুপ্পা কলাকেন্দ্ৰই ইয়াৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট নাট্যকৰ্মী প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ (Shukrachary Rabha) অষ্টম মৃত্যু বাৰ্ষিকী দিনজোৰা কাৰ্যসূচীৰে পালন কৰে। স্মৃতিচাৰণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আলোচনা সভা আৰু নাট্য প্ৰদৰ্শনৰ জৰিয়তে তেওঁৰ শিল্প-দৰ্শন আৰু অৱদানক সশ্ৰদ্ধে স্মৰণ কৰা হয়।
কাৰ্যসূচীৰ আৰম্ভণিতে পৰম্পৰাগত ফাৰকান্তি আৰু সংকীৰ্তন অনুষ্ঠিত হয়। পিছত গোলপাৰা পশ্চিম সমষ্টিৰ বিধায়ক প্ৰভাত কুমাৰ ৰাভাই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা বি. বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ইংৰাজী বিভাগৰ অধ্যাপক ড° মানবেন্দ্ৰ শৰ্মাই স্মাৰক বক্তৃতা আগবঢ়ায়। স্মাৰক অনুষ্ঠানৰ অংশ হিচাপে বাদুংদুপ্পা কলাকেন্দ্ৰই প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ পৰিচালিত নাটক ‘ৰাখেৰ বাঁহী’ মঞ্চস্থ কৰে।
অনুষ্ঠানত বক্তাসকলে শুক্ৰাচাৰ্য ৰাভাৰ নাট্যচিন্তা আৰু তেওঁৰ সৃষ্টিশীল অৱদানৰ বিষয়ে আলোকপাত কৰে। বিশেষকৈ বিশ্বজুৰি সমাদৃত ‘আণ্ডাৰ দ্য শাল ট্ৰী’ (Under the Sal Tree) নাট্য মহোৎসৱৰ জৰিয়তে তেওঁ গঢ়ি তোলা নাট্য আন্দোলনৰ প্ৰাসংগিকতা আজিও সমানভাৱে অনুভৱ কৰা হয় বুলি উল্লেখ কৰা হয়।
শুক্ৰাচাৰ্য ৰাভাই নাটকক কেৱল মঞ্চশিল্প হিচাপে নহয়, সমাজ, মানুহ আৰু প্ৰকৃতিৰ সৈতে সংযোগ স্থাপনৰ এক সজীৱ মাধ্যম হিচাপে দেখিছিল। তেওঁৰ নাট্যদৰ্শনৰ কেন্দ্ৰীয় ধাৰণা আছিল ‘যন্ত্ৰহীনতা’, অৰ্থাৎ নাট্যচৰ্চাত অতিৰিক্ত প্ৰযুক্তিনিৰ্ভৰতাক পৰিহাৰ কৰি মানৱীয় প্ৰকাশভংগী আৰু আন্তৰিকতাক গুৰুত্ব দিয়া। যি সময়ত বৃহৎ মঞ্চসজ্জা, জটিল শব্দ ব্যৱস্থা আৰু আধুনিক প্ৰযুক্তিৰ ওপৰত নাট্যপ্ৰযোজনাসমূহ অধিক নিৰ্ভৰশীল হৈ পৰিছিল, সেই সময়তে তেওঁ দেখুৱাইছিল যে সীমিত সম্পদ আৰু অকৃত্ৰিম অভিনয়ৰ জৰিয়তেও শক্তিশালী নাট্যসৃষ্টিৰ সম্ভৱ।
এই দৰ্শনক ভিত্তি কৰিয়েই তেওঁ ৰামপুৰত ‘আণ্ডাৰ দ্য শাল ট্ৰী’ মহোৎসৱৰ সূচনা কৰিছিল, যিয়ে এক সাধাৰণ মাটিৰ মঞ্চক বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত সামূহিক নাট্যচৰ্চাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰে। বৰ্তমান এই আন্দোলনৰ প্ৰভাৱ অসমৰ সীমা অতিক্ৰম কৰি দেশৰ বিভিন্ন প্ৰান্তৰ নাট্যকৰ্মী আৰু নাট্য মহোৎসৱসমূহকো অনুপ্ৰাণিত কৰি আহিছে।
সংগীত নাটক অকাডেমীৰ ‘উস্তাদ বিস্মিল্লাহ খান যুব পুৰস্কাৰ’ লাভ কৰা শুক্ৰাচাৰ্য ৰাভাই তেওঁৰ চিন্তা, আদৰ্শ আৰু সৃষ্টিশীল কৰ্মধাৰাৰ জৰিয়তে আজিও নতুন প্ৰজন্মৰ শিল্পীসকলক অনুপ্ৰেৰণা যোগাই আহিছে। তেওঁৰ বিশ্বাস আছিল যে অৰ্থপূৰ্ণ নাট্যচৰ্চা সদায় মানুহ, প্ৰকৃতি আৰু সমাজৰ শিপাৰ সৈতে সংলগ্ন হৈ থাকিব লাগিব। এই আদৰ্শই তেওঁক অসমৰ নাট্যজগতত এক অনন্য আৰু চিৰস্মৰণীয় ব্যক্তিত্ব হিচাপে প্ৰতিষ্ঠা কৰিছে।
