নিউজ ডেস্ক, ১১ জুন, ২০২৬ : কলকাতাৰ উত্তৰ-পূব সীমান্ত চক্ৰৰ, ৰে’লৱে সুৰক্ষা আয়ুক্ত সুমিত সিংঘলে ১২ ৰ পৰা ১৪ জুন, ২০২৬ তাৰিখ পৰ্যন্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) কাটিহাৰ মণ্ডলৰ অধীনৰ কাটিহাৰ (১.৩৮০ কিঃমি.)-কুৰেথা (১২.৪৪০ কিঃমি.) আৰু কাটিহাৰ (১.৩২৭ কিঃমি.)-সোনাইলি (১৭.৫৪২ কিঃমি.)ৰ মাজৰ খণ্ডসমূহৰ নৱনিৰ্মিত ব্ৰড গজ দ্বৈত ৰে’লপথৰ বিধিসন্মত পৰিদৰ্শন কৰিব। এই খণ্ডসমূহ কাটিহাৰ-কুমেদপুৰ আৰু কাটিহাৰ-মুকুৰিয়া নতুন দ্বৈত ৰে’লপথ প্ৰকল্পৰ অংশ।
কাটিহাৰ-কুমেদপুৰ আৰু কাটিহাৰ-মুকুৰিয়া নতুন দ্বৈত ৰে’লপথ প্ৰকল্পটো হৈছে অঞ্চলটোৰ ৰে’ল ক্ষমতা আৰু পৰিচালন দক্ষতা বৃদ্ধি কৰাৰ লক্ষ্যেৰে নিৰ্মাণ কৰা ৬৪.১৪ কিঃমিঃৰ সৰ্বমুঠ দৈৰ্ঘ্যৰে বিস্তৃত হৈ থকা আন্তঃগাঁথনি উন্নয়নৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই প্ৰকল্পটোত ২ খন গুৰুত্বপূৰ্ণ সেতু, ২৭ খন বৃহৎ সেতু আৰু ২৩ খন সৰু সেতুৰ লগতে বিস্তৃত ট্ৰেক আৰু সংশ্লিষ্ট ৰে’লৱে আন্তঃগাঁথনি অন্তৰ্ভূক্ত আছে। সম্পূৰ্ণ হোৱাৰ পিছত এই দ্বৈত ৰে’লপথ কৰিড’ৰে ১৬ টা ৰে’লৱে ষ্টেচনক সেৱা আগবঢ়োৱাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কাটিহাৰ মণ্ডলত উন্নত ৰে’ল পৰিচালন, ৰে’লপথৰ বৰ্ধিত ক্ষমতা আৰু যানজট হ্ৰাস কৰাৰ লগতে যাত্ৰী আৰু মালবাহী ৰে’ল পৰিচালন অধিক ফলপ্ৰসূ কৰি তুলিব।
কাটিহাৰ-কুৰেথা আৰু কাটিহাৰ-সোনাইলি খণ্ডসমূহৰ চিআৰএছ পৰিদৰ্শন হৈছে এই প্ৰকল্পটোৰ অগ্ৰগতিৰ এক অগ্ৰণী পদক্ষেপ। তিনিদিনীয়া পৰিদৰ্শন কাৰ্যসূচীৰ সময়ত সুমিত সিংঘলে ষ্টেচন আন্তঃগাঁথনি, ট্ৰেক জ্যামিতি, সেতু, চিগনেলিং আৰু টেলিকমিউনিকেচন প্ৰণালী, বৈদ্যুতিক আন্তঃগাঁথনি, সুৰক্ষা ব্যৱস্থা আৰু নৱনিৰ্মিত অংশসমূহত থকা অন্যান্য সম্পৰ্কিত ৰে’লৱে সম্পদ পৰিদৰ্শন কৰিব। পৰিদৰ্শনত এই ৰুটত অৱস্থিত ষ্টেচন আৰু ফিল্ড কাৰ্যালয়সমূহৰো বিস্তৃত নিৰীক্ষণ অন্তৰ্ভুক্ত থাকিব। বিধিসন্মত প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ অংশ হিচাপে, নৱনিৰ্মিত দ্বৈত ৰে’লপথ খণ্ডসমূহত গতিবেগ পৰীক্ষণ ১৪ জুন, ২০২৬ তাৰিখে অনুষ্ঠিত হ’ব, যাতে আন্তঃগাঁথনিৰ পৰিচালনগত প্ৰস্তুতি আৰু সুৰক্ষা মানদণ্ড মূল্যাংঙ্কন কৰিব পৰা যায়। কাটিহাৰ-কুৰেথা আৰু কাটিহাৰ-সোনাইলি দ্বৈত ৰে’লপথ খণ্ডসমূহৰ কাৰ্য সম্পাদনে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আধুনিকীকৰণ আৰু ক্ষমতা বৃদ্ধিৰ প্ৰয়াসত আৰু এক গুৰুত্বপূৰ্ণ সফলতা চিহ্নিত কৰিব, যি অঞ্চলটোত উন্নত সংযোগ আৰু অধিক ফলপ্ৰসূ ৰে’ল পৰিচালনত অৰিহণা যোগাব।
