গুৱাহাটী, ৩ জুলাই, ২০২৬ : এমহতকৈও অধিক সময় ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Guwahati Medical College and Hospital) মৃত্যুৰ সৈতে যুঁজি আছিল মৃদুমুদ্ৰা ডেকা। জীৱন-মৃত্যু এই যুঁজত অৱশেষত হাৰ মানিলে মৃদুমুদ্ৰা ডেকাই। শুকুৰবাৰে এই বেয়া খবৰে কঁপাই যায় সমগ্ৰ ৰাজ্য। পুৱা ৭.৩০ মান বগাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাৰ কৰ্তৃপক্ষই সদৰী কৰে মৃদুমুদ্ৰা ডেকাৰ মৃত্যুৰ তথ্য।
নলবাৰী জিলাৰ মুকালমুৱাৰ অন্তৰ্গত গঙ্গাপুৰস্থিত মৃদুমুদ্ৰা ডেকাৰ বাসগৃহত বিৰাজ কৰিছে শোকাকুল পৰিৱেশ। ঘটনা যোৱা ৩০ মে’ৰ নিশাৰ। নলবাৰী জিলাৰ মুকালমুৱাৰ অন্তৰ্গত গঙ্গাপুৰত সংঘটিত হোৱা এক ভয়ংকৰ ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য। ৩০ মে’ৰ সেই অভিশপ্ত নিশা মৃদুমুদ্ৰা ডেকা সম্পৰ্কীয় ভাতৃ মাধুৰ্য বৰ্মনৰ সৈতে স্কুটিৰে ঘৰলৈ আহি থকা সময়ত ৰোজ আলী নামৰ এজন যুৱকৰ আক্ৰমণৰ বলি হৈছিল দুয়ো।
ৰোজ আলী নামৰ যুৱকজনে অতি নৃশংসভাৱে ৰাজপথতে আক্ৰমণ কৰিছিল মৃদুমুদ্ৰা ডেকা আৰু সম্পৰ্কীয় ভাতৃ মাধুৰ্য বর্মনক। ৰোজ আলীৰ আক্ৰমণত মাধুৰ্য বর্মনৰ আক্ৰমণস্থলীতে মৃত্যু হোৱাৰ পৰিবৰ্তে মৃদুমুদ্ৰা ডেকা গুৰুত্বৰভাৱে আহত অৱস্থাত ৰাজপথ পৰি আছিল। পিছতে স্থানীয় ৰাইজে মৃদুমুদ্ৰা ডেকাক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে মৃদুমুদ্ৰা ডেকাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
এই ভয়ংকৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। ৰাজপথতে ভাতৃ-ভগ্নী আক্ৰমণৰ বলি হোৱা ঘটনাৰ ক্ষোভত জ্বলিছিল সমগ্ৰ নলবাৰী। ৰোজ আলীৰ আক্ৰমণত মৃত্যু হোৱা মাধুৰ্য বৰ্মন আছিল পশ্চিম নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এজন ছাত্ৰ নেতাৰ মৃত্যুক সহজে মানি লব পৰা নাছিল ছাত্ৰ সমাজে। এই ঘটনাৰ উপযুক্ত তদন্ত বিচাৰি ৰাজপথলৈ ওলাই আহিল ছাত্ৰ সমাজৰ লগতে স্থানীয় ৰাইজ। সকলোৱে দোষীৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ দাবী জনাইছিল।
আৰক্ষীয়ে এই ঘটনাত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰি ৰোজ আলীক গ্ৰেপ্তাৰ কৰিছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ গুলীৰ নিহত হৈছিল ৰোজ আলী। জানিব পৰা মতে ৩০ মে’ৰ নিশা মৃদুমুদ্ৰা ডেকা সম্পৰ্কীয় ভাতৃ মাধুৰ্য বৰ্মনৰ লগত কিতাপ কিনিবলৈ নলবাৰীলৈ গৈছিল। নিশাৰ ভাগত নলবাৰীৰ পৰা মুকালমুৱাৰস্থিত ঘৰলৈ ঘূৰি অহাৰ সময়তে ৰোজ আলীয়ে মৃদুমুদ্ৰা ডেকাক আক্ৰমণ কৰিছিল। মাধুৰ্য বৰ্মনে ভগ্নী মৃদুমুদ্ৰা ডেকাক ৰক্ষা কৰিবলৈ যাওঁতে ৰোজ আলীয়ে মাধুৰ্য বর্মনকো আক্ৰমণ কৰে। ফলত ঘটনাস্থলীতে মৃত্যু হৈছিল মাধুৰ্য বৰ্মনৰ। অৱশেষত গুৰুত্বৰভাৱে আহত হোৱা মৃদুমুদ্ৰা ডেকাও আজি শেষ নিশ্বাস ত্যাগ কৰে।
