গুৱাহাটী, ৩ জুলাই, ২০২৬ : ভাৰতীয় ফুটবলৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতীক তথা এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল (Football) প্ৰতিযোগিতা ইণ্ডিয়ান অইল ডুৰাণ্ড কাপৰ খেল এইবাৰ পুনৰ গুৱাহাটীত অনুষ্ঠিত হ’ব৷ ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত তথা ১৩৫ সংখ্যক বৰ্ষত পদাৰ্পন কৰা প্ৰতিযোগিতাখনৰ গ্ৰুপ ‘এফ’ৰ খেল অহা পহিলা আগষ্টৰ পৰা অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়াত অনুষ্ঠিত হ’ব৷
অৱশ্যে প্ৰতিযোগিতাৰ উদ্বোধনী মেচখন অহা ২৫ জুলাইত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব যত, ১৭ বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্ট দলে ১৬ বাৰৰ চেম্পিয়ন ইষ্ট বেংগলৰ বিৰুদ্ধে কলকাতা ডাৰ্বিত অংশ ল’ব৷ উল্লেখ্য যে ২০২২ চনত প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছিল সন্মানীয় ডুৰাণ্ড কাপৰ খেল৷ এই ধাৰা অব্যাহত ৰাখি ভাৰতীয় সেনাই অসমত ডুৰাণ্ড কাপ আয়োজন কৰি আহিছে যদিও যোৱা দুবছৰ গুৱাহাটীৰ পৰিবৰ্তে কোকৰাঝাৰতে প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল৷
দুটা ছিজনৰ বিৰতিৰ পাছত এইবাৰ পুনৰ সৰুসজাইলৈ ডুৰাণ্ড কাপ প্ৰত্যাবৰ্তন কৰিছে৷ গুৱাহাটীত গ্ৰুপৰ মুঠ ছখন খেল অনুষ্ঠিত হ’ব৷ এক আগষ্টৰ উদ্বোধনী খেলত যোৱা দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফ চিৰ মুখামুখি হ’ব৷ গ্ৰুপৰ অন্য দুটা দল হ’ল জন্মু-কাশ্মীৰৰ এফ চি ওৱান আৰু কাৰ্বি আংলং মৰ্ণিংষ্টাৰ এফ চি৷ ঘোষিত সূচী অনুসৰি সৰুসজাইত এক, তিনি, ছয়, আঠ, ১১ আৰু ১৩ আগষ্টত খেল অনুষ্ঠিত হ’ব৷ এইবাৰ প্ৰতিযোগিতাত মুঠ ২৪ টা দলে অংশ লৈছে৷ দল কেইটাক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷
অসমৰ লগতে উত্তৰ-পূবৰ মণিপুৰ আৰু মেঘালয়তো পুনৰ ডুৰাণ্ড কাপৰ খেল অনুষ্ঠিত হ’ব৷ আনহাতে, প্ৰথমবাৰৰ বাবে ঝাৰখণ্ডত প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হ’ব৷ কলকাতাত দুটা গ্ৰুপৰ তথা বাকী চাৰিটা স্থানত এটাকৈ গ্ৰুপৰ খেল অনুষ্ঠিত হ’ব৷ ঝাৰখণ্ডত ২৬ জুলাই, মণিপুৰত ২৮ জুলাই আৰু মেঘালয়ত ৩১ জুলাইৰ পৰা খেল আৰম্ভ হ’ব৷ ছিলঙত এখন কোৱাৰ্টাৰ তথা ছেমিফাইনেল, ৰাঁচিত এখন কোৱাৰ্টাৰ আৰু কলকাতাত দুখন কোৱাৰ্টাৰ, এখন ছেমিফাইনেলৰ লগতে ২৩ আগষ্টত ফাইনেল মেচখন অনুষ্ঠিত হ’ব৷ দেশৰ লগতে বিদেশী দলে অংশ লোৱা প্ৰতিযোগিতাৰ খেল ছ’নী স্পৰ্টছত সম্প্ৰচাৰ হোৱাৰ লগতে ছনী এল আই ভি এপছতো খেল দৰ্শকে উপভোগ কৰিব পাৰিব৷
