নিউজ ডেস্ক, ১৫ জুলাই, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ইয়াৰ অধীনৰ তিনিটা ষ্টেচন যেনে ৰঙিয়া মণ্ডলৰ মাজবাট, আলিপুৰদুৱাৰ মণ্ডলৰ জলপাইগুড়ী ৰোড আৰু কাটিহাৰ মণ্ডলৰ হলদিবাৰী ষ্টেচন অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ্বিকশিত কৰি আধুনিকীকৰণৰ দিশত আৰু এক উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই পদক্ষেপে ৰে’লৱে ষ্টেচনসমূহক আধুনিক, সুলভ আৰু যাত্ৰী-হিতৈষী পৰিবহন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ লগতে প্ৰত্যেকটো অঞ্চলৰ স্থানীয় ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয় সংৰক্ষণৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছে।
অসম আৰু পশ্চিমবংগত অৱস্থিত এই তিনিটা ষ্টেচনক ভাৰত চৰকাৰৰ অধীনৰ সমগ্ৰ ৰে’লৱেত বিশ্বমানৰ ৰে’লৱে আন্তঃগাঁথনি বিকশিত কৰাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি যাত্ৰী সা-সুবিধা বৃদ্ধি আৰু উন্নত আৰামদায়ক ভ্ৰমণৰ অভিজ্ঞতা নিশ্চিত কৰা। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অসমৰ মাজবাট ৰে’লৱে ষ্টেচনটো ১০.১৯ কোটি টকাৰ ব্যয় সাপেক্ষে, জলপাইগুড়ী ৰোড ৰে’লৱে ষ্টেচনটো ৩৪.৮০ কোটি টকাৰ ব্যয় সাপেক্ষে আৰু হলদিবাৰী ৰে’লৱে ষ্টেচনটো প্ৰায় ২৬ কোটি টকা ব্যয়সাপেক্ষে পুনৰ্বিকশিত হৈছে। প্ৰতিটো ষ্টেচনক ইয়াৰ আঞ্চলিক বৈশিষ্ট্য আৰু পৰিচালনগত প্ৰয়োজনীয়তাৰ প্ৰতিফলনেৰে ডিজাইন কৰা হৈছে, আনহাতে সমগ্ৰ তিনিটা ষ্টেচন আধুনিক যাত্ৰী-কেন্দ্ৰিক আন্তঃগাঁথনিৰে সজ্জিত কৰা হৈছে।
ইয়াৰ ভিতৰত নান্দনিকৰূপে উন্নীত ষ্টেচন ভৱন, উন্নত প্ৰচলন এলেকা, প্ৰশস্ত অপেক্ষা কক্ষ, প্লেটফৰ্মৰ বৰ্ধিত আন্তঃগাঁথনি, লিফ্টসহ ফুট ওভাৰ ব্ৰিজ (য’ত উপলব্ধ), দিৱ্যাংগজন-অনুকূল সা-সুবিধা, আধুনিক শৌচাগাৰ, উন্নীত যাত্ৰী তথ্য প্ৰণালী, উন্নত আলোকসজ্জা, লেণ্ডস্কেপিং আৰু অন্যান্য সমসাময়িক সা-সুবিধা অন্তৰ্ভুক্ত আছে। এই বিস্তৃত পুনৰ্বিকাশে যাত্ৰী সুবিধা বহু পৰিমাণে বৃদ্ধি কৰি আঞ্চলিক সংযোগ শক্তিশালী কৰাৰ লগতে পৰ্যটনক প্ৰসাৰিত কৰিব আৰু আশে পাশে থকা অঞ্চলৰ আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাব।
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনৰ এই ষ্টেচনসমূহৰ পুনৰ্বিকাশে সমগ্ৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু ভ্ৰমণৰ সামগ্ৰিক পৰিবেশ উন্নত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে।
উন্নত যাত্ৰী সুবিধা উপলব্ধ কৰাৰ উপৰিও, এই উন্নীত ষ্টেচনসমূহে পৰ্যটন বৃদ্ধি কৰি স্থানীয় বাণিজ্য আৰু ব্যৱসায়ক উৎসাহিত কৰাৰ লগতে নতুন জীৱিকাৰ সুযোগ সৃষ্টি কৰিব আৰু স্থানীয় সম্প্ৰদায়ৰ নিজস্ব সাংস্কৃতিক আৰু স্থাপত্য ঐতিহ্য প্ৰদৰ্শন কৰি আঞ্চলিক উন্নয়নৰ চালিকাশক্তি হিচাপে আত্মপ্ৰকাশ কৰিব বুলি আশা কৰা হৈছে। ‘ৱান ষ্টেচন ৱান প্ৰোডাক্ট’ৰ দৰে পদক্ষেপসমূহে স্থানীয় উৎপাদিত সামগ্ৰী আৰু কাৰিকৰসকলক উৎসাহিত কৰিব, আনহাতে আধুনিক ষ্টেচনসমূহে বহনক্ষম বিকাশ আৰু উন্নত মাল্টিম’ডেল সংযোগৰ সমৰ্থনেৰে এক সজীৱ জনসাধাৰণৰ পৰিসৰ হিচাপে গড় লৈ উঠিব। এই ৰূপান্তৰমূখী প্ৰকল্পসমূহৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই আধুনিক, অন্তৰ্ভুক্তিমূলক আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত ভাৰতীয় ৰে’লৱেৰ দৃষ্টিভংগীৰ প্ৰতি অৰিহণা যোগাই যাত্ৰী আৰু জনসাধাৰণৰ বাবে সেৱা আগবঢ়াই দীৰ্ঘম্যাদী লাভালাভ প্ৰদান কৰি আহিছে।
