গুৱাহাটী, ১৭ জুলাই, ২০২৬ : ভাৰতীয় সেনাৰ (Indian Army) দ্বাৰা আয়োজিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলৰ তিনিওটা ট্ৰফী বৃহস্পতিবাৰে গুৱাহাটীত হোৱা এক অনুষ্ঠানত অসমৰ ক্ৰীড়ামন্ত্ৰী বিশ্বজিত দৈমাৰীয়ে মুকলি কৰাৰ লগতে ট্ৰফীযাত্ৰাৰ ফ্লেগঅফো কৰে৷ বিশ্বৰ তৃতীয় তথা এচিয়াৰ সবাটোকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ এইবাৰৰ গ্ৰুপ ‘এফ’ৰ খেল অহা পহিলা আগষ্টৰ পৰা মহানগৰীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ অৱশ্যে ইয়াৰপূৰ্বে প্ৰতিযোগিতাৰ উদ্বোধনী মেচখন অনুষ্ঠিত হ’ব অহা ২৫ জুলাইত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত৷ উল্লেখ্য যে ক্ৰমাগত পঞ্চমবাৰৰ বাবে অসমত ডুৰাণ্ড কাপৰ খেল অনুষ্ঠিত হ’ব৷
ট্ৰফী মুকলি অনুষ্ঠানত ক্ৰীড়ামন্ত্ৰী দৈমাৰীৰ লগতে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ বিশেষ সচিব কৌচৰ জামিল হিলালি, সঞ্চালক অংকুৰ ভড়ালী, মেজৰ জেনেৰেল দিনেশ কুমাৰ সিং, মেজৰ জেনেৰেল অমিত ধিৰ, ব্ৰিগেডিয়াৰ অনুপম শৰ্মা আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ ষ্ট্ৰাইকাৰ অসমৰ প্ৰতিভাবান ফুটবল খেলুৱৈ পাৰ্থিৱ সুন্দৰ গগৈ৷ ট্ৰফী মুকলিৰ পাছতে অসম বিধান সভাৰ ভৱনৰ চৌহদত তথা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্ত্তীৰ স্থানত ট্ৰফী প্ৰদৰ্শন কৰা হয়৷ আনহাতে, শুকুৰবাৰে আই আই টি গুৱাহাটী আৰু চিটী চেণ্টাৰত ৰাইজৰ বাবে ট্ৰফী প্ৰদৰ্শন কৰা হ’ব৷
অনুষ্ঠানত ভাষণ দি ক্ৰীড়ামন্ত্ৰী দৈমাৰীয়ে তৃণমূল পৰ্যায়ত ফুটবল শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমৰ দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰাৰ লগতে ডুৰাণ্ড কাপৰ তাৎপৰ্যৰ বিষয়েও আলোকপাত কৰে৷ ‘ফুটবল অসমৰ সমাজ জীৱনত গভীৰভাৱে শিপাই আছে আৰু ডুৰাণ্ড কাপৰ দৰে প্ৰতিযোগিতা আয়োজন কৰাটো অসমৰ বাবে গৌৰৱৰ বিষয়৷ প্ৰতিযোগিতাখনে¸ পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰিব৷ আমি কেৱল প্ৰতিভা চিনাক্তকৰণতে নিজক বান্ধি নাৰাখি তৃণমূল পৰ্যায়ৰ উন্নয়ন, গুণগত আন্তঃগাঁথনি আৰু সংহত দায়বদ্ধতাৰ জৰিয়তে প্ৰতিভা সৃষ্টি কৰিব লাগিব৷ বিশ্বমানৰ ষ্টেডিয়ামৰ লগতে আমাক স্থানীয় অঞ্চলতো খেলপথাৰ লগতে ভাল প্ৰতিযোগিতাৰ প্ৰয়োজন আছে যিয়ে শিশুসকলক বিকাশৰ সুবিধা প্ৰদান কৰে৷ সৰুৰে পৰাই যদি আমি আমাৰ ল’ৰা-ছোৱালীসকলৰ ক্ষেত্ৰত ক্ৰীড়া প্ৰতিভা আৰু কেৰিয়াৰৰ দৃষ্টিভংগীৰে বিনিয়োগ কৰি যাওঁ তথা ভাৰতীয় সেনাৰ সৈতে একেলগে কাম কৰি যাওঁ, তেন্তে মই নিশ্চিত যে ভাৰত এখন শক্তিশালী ফুটবল দেশ হিচাপে অনাগত দিনত আত্মপ্ৰকাশ কৰিব পাৰিব৷’ দৈমাৰীয়ে কয়৷
ইফালে, মেজৰ জেনেৰেল সিঙে কয় যে ডুৰাণ্ড কাপ কেৱল প্ৰতিযোগিতা নহয় এয়া সমগ্ৰ উত্তৰ-পূবৰ যুৱ ফুটবলাৰসকলক অনুপ্ৰাণিত কৰা আৰু ভাৰতৰ ফুটবল পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ এখন মঞ্চ৷ ‘আমি অসম চৰকাৰৰ লগত মিলি স্থানীয় প্ৰতিভাক সুযোগ দিয়া তথা ভাৰতীয় ফুটবলক শক্তিশালী কৰাত এই অঞ্চলৰ প্ৰতিভাই সহযোগ কাৰৰ দিশত কাম কৰাৰ লক্ষ্য লৈয়ে ডুৰাণ্ড কাপৰ দৰে এখন বৃহৎ মঞ্চ উত্তৰ-পূবলৈ আনিছো৷’ সিঙে লগতে কয়৷ ডিফেণ্ডিং চেম্পিয়ন তথা ক্ৰমাগত দুবাৰ খিতাপ জয় কৰা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ তাৰকা পাৰ্থিবে নিজৰ ভাষণত কয় ‘ডুৰাণ্ড কাপ জয় কৰাৰ সফলতাই আমাক শিকাইছে যে কঠোৰ পৰিশ্ৰম আৰু বিশ্বাসৰ দ্বাৰাহে লক্ষ্যত উপনিত হ’ব পাৰি৷ যদিও আমি ডিফেণ্ডিং চেম্পিয়ন তথাপি আমি জানো যে প্ৰতিটো ছিজন শূন্যৰ পৰাই আৰম্ভ হয় আৰু গুৱাহাটীত নতুন ছিজনৰ আৰম্ভণি কৰি আমি উৎসাহিত হৈছো৷ আমাৰ অনুৰাগীৰ অবিশ্বাস্য সমৰ্থনে আমাক অধিক সফলতাৰ বাবে চেষ্টা কৰিলৈ শক্তি প্ৰদান কৰিব৷’
ইফালে, মেজৰ জেনেৰেল ধীৰে প্ৰতিযোগিতাখনৰ ধাৰাবাহিকতা তথা ভাৰতীয় ফুটবলত ইয়াৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি কয়- ‘১৩৫ বছৰতকৈও অধিক সময় ধৰি ডুৰাণ্ড কাপে ভাৰতীয় ফুটবলৰ উৎকৃষ্টতা আৰু ঐতিয্যক প্ৰতিনিধিত্ব কৰি আহিছে৷ ইয়াৰ অবিৰত সফলতাই যুৱ খেলুৱৈসকলক ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰিছে লগতে সপোন বাস্তব কৰিবলৈ¸ তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ দিছে৷’ উল্লেখ্য যে ২০২২ চনত প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছিল সন্মানীয় ডুৰাণ্ড কাপৰ খেল৷ এই ধাৰা অব্যাহত ৰাখি ভাৰতীয় সেনাই অসমত ডুৰাণ্ড কাপ আয়োজন কৰি আহিছে যদিও যোৱা দুবছৰ গুৱাহাটীৰ পৰিবৰ্তে কোকৰাঝাৰতে প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল৷ দুটা ছিজনৰ বিৰতিৰ পাছত এইবাৰ পুনৰ সৰুসজাইলৈ ডুৰাণ্ড কাপ প্ৰত্যাবৰ্তন কৰিছে৷
গুৱাহাটীত গ্ৰুপৰ মুঠ ছখন খেল অনুষ্ঠিত হ’ব৷ এক আগষ্টৰ উদ্বোধনী খেলত যোৱা দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফ চিৰ মুখামুখি হ’ব৷ গ্ৰুপৰ অন্য দুটা দল হ’ল জন্মু-কাশ্মীৰৰ এফ চি ওৱান আৰু কাৰ্বি আংলং মৰ্ণিংষ্টাৰ এফ চি৷ ঘোষিত সূচী অনুসৰি সৰুসজাইত এক, তিনি, ছয়, আঠ, ১১ আৰু ১৩ আগষ্টত খেল অনুষ্ঠিত হ’ব৷ এইবাৰ প্ৰতিযোগিতাত মুঠ ২৪ টা দলে অংশ লৈছে৷ দল কেইটাক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ অসমৰ লগতে উত্তৰ-পূৱৰ মণিপুৰ আৰু মেঘালয়তো পুনৰ ডুৰাণ্ড কাপৰ খেল অনুষ্ঠিত হ’ব৷ আনহাতে, প্ৰথমবাৰৰ বাবে ঝাৰখণ্ডত প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হ’ব৷ কলকাতাত দুটা গ্ৰুপৰ তথা বাকী চাৰিটা স্থানত এটাকৈ গ্ৰুপৰ খেল অনুষ্ঠিত হ’ব৷ ঝাৰখণ্ডত ২৬ জুলাই, মণিপুৰত ২৮ জুলাই আৰু মেঘালয়ত ৩১ জুলাইৰ পৰা খেল আৰম্ভ হ’ব৷ ছিলঙত এখন কোৱাৰ্টাৰ তথা ছেমিফাইনেল, ৰাঁচিত এখন কোৱাৰ্টাৰ আৰু কলকাতাত দুখন কোৱাৰ্টাৰ, এখন ছেমিফাইনেলৰ লগতে ২৩ আগষ্টত ফাইনেল মেচখন অনুষ্ঠিত হ’ব৷
