গুৱাহাটী, ২০ জুলাই, ২০২৬ : অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ (Assamese Movie) অপেক্ষাৰ তালিকাত থকা এই বছৰৰ অন্যতম বহুচৰ্চিত ছবি ‘ঐ পুলিচ!!!’ক লৈ ছবিপ্ৰেমিৰ মাজত দেখা গৈছে ব্যাপক উছাহ। ৰুটষ্টক এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মিত আহিবলগীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘ঐ পুলিচ!!!’ৰ ট্ৰেইলাৰ উন্মোচনৰ জৰিয়তে সোমবাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে আৰম্ভ হয় এই বহু প্ৰত্যাশিত ছবিখনৰ মুক্তিৰ ক্ষণগণনা।
উল্লেখ্য যে, ছবিখনৰ মুকলি কৰা ট্ৰেইলাৰত একেলগে দেখা যাব একচন, হাস্যৰস, আৱেগ আৰু পাৰিবাৰিক মনোৰঞ্জনৰ সমাহাৰ। একে সময়তে, আৰক্ষীকেন্দ্ৰিক কাহিনীৰ সীমাবদ্ধতাক নেওচি এক ভিন্ন স্বাদৰ কাহিনীও দৰ্শকৰ আগত তুলি ধৰিছে এই ট্ৰেইলাৰে। অহা ৭ আগষ্টত ছবিগৃহত মুক্তি পাবলগীয়া ‘ঐ পুলিচ!!!’ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছুপাৰষ্টাৰ ৰবি শৰ্মা আৰু অমৃতা গগৈয়ে। লক্ষ্যণীয় যে, ছবিপ্ৰেমিৰ দ্বাৰা সমাদৃত ছবি ‘শ্ৰী ৰঘুপতি’ৰ পিছত এই ছবিৰ জৰিয়তে পুনৰ এবাৰ দৰ্শকৰ বাবে উভতি আহিছে ৰবি শৰ্মা আৰু নতুন প্ৰজন্মৰ জনপ্ৰিয় পৰিচালক সুব্ৰত কাকতি।
ট্ৰেইলাৰ উন্মোচনৰ পাছত উপস্থিত সকলক সম্বোধন কৰি ছুপাৰষ্টাৰ ৰবি শৰ্মাই কয়, “প্ৰতিখন ছবিয়েই বিশেষ। কিন্তু ‘ঐ পুলিচ!!!’ক লৈ উৎসাহ একেবাৰেই বেলেগ। ট্ৰেইলাৰ উন্মোচনৰ পাছত আজি দৰ্শকৰ পৰা লাভ কৰা মৰমে আমাক আপ্লুত কৰিছে। ইয়াৰ পৰাই বুজা যায়, ছবিখন ছবিগৃহত চাবলৈ দৰ্শক আগ্ৰহেৰে অপেক্ষা কৰি আছে। মোৰ আন্তৰিক আশা, অহা ৭ আগষ্টত ‘ঐ পুলিচ!!!’য়ে পৰিয়ালৰ সকলো সদস্যক মনোৰঞ্জন প্ৰদান কৰাৰ লগতে দৰ্শকক আৰু এক স্মৰণীয় চলচ্চিত্ৰ অভিজ্ঞতা উপহাৰ দিব।”
ছবিখনৰ বিষয়ে পৰিচালক সুব্ৰত কাকতিয়ে কয়, “আৰম্ভণিৰে পৰাই আমাৰ লক্ষ্য আছিল এনে এখন সম্পূৰ্ণ মনোৰঞ্জনধৰ্মী ছবি নিৰ্মাণ কৰা, যিখন ছবি পৰিয়ালৰ সকলোকে লগত লৈ ছবিগৃহত উপভোগ কৰিব পাৰি। বৰ্তমান আঞ্চলিক চলচ্চিত্ৰৰ পৰা দৰ্শকৰ প্ৰত্যাশা যথেষ্ট বৃদ্ধি পাইছে। সেই কথা মনত ৰাখিয়েই চিত্ৰনাট্য, অভিনয়, সংগীত আৰু দৃশ্যায়নৰ প্ৰতিটো দিশত আমি বিশেষভাৱে কাম কৰিছোঁ। ট্ৰেইলাৰত কেৱল ছবিখনৰ এক আভাসহে দেখা গৈছে। সম্পূৰ্ণ ছবিখনত দৰ্শকৰ বাবে এতিয়াও বহু চমক অপেক্ষা কৰি আছে।”
ছবিখনত ৰবি শৰ্মাৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে কয় যে ট্ৰেইলাৰ উন্মোচনী অনুষ্ঠানত লাভ কৰা সঁহাৰিয়ে অসমীয়া চলচ্চিত্ৰৰ প্ৰতি দৰ্শকৰ অটুট ভালপোৱাক পুনৰ এবাৰ স্পষ্ট কৰি তুলিছে। তেওঁ কয়, “ট্ৰেইলাৰক লৈ দৰ্শকৰ ইতিবাচক সঁহাৰিয়ে আমাক নতুন আত্মবিশ্বাস দিছে। ইয়াৰ পৰাই এই কথা স্পষ্ট হৈ পৰিছে যে ভাল কাহিনীয়ে আজিও দৰ্শকৰ হৃদয় স্পৰ্শ কৰে। ৰবি দাৰ সৈতে অভিনয় কৰা আৰু সুব্ৰতৰ পৰিচালনাত কাম কৰাটো মোৰ বাবে এক অনন্য শিক্ষণীয় অভিজ্ঞতা। ছবিগৃহত দৰ্শকে সম্পূৰ্ণ ছবিখন চোৱাৰ মুহূৰ্তলৈ এতিয়া মই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ।”
প্ৰণিধানযোগ্য যে, ‘শ্ৰী ৰঘুপতি’ৰ সফলতাৰ পাছত পুনৰ ডাঙৰ পৰ্দাত একেলগে কাম কৰিছে ৰবি শৰ্মা, সুব্ৰত কাকতি আৰু প্ৰণয় দত্তই। ট্ৰেইলাৰ উন্মোচনৰ পিছৰে পৰা ছবিখনক লৈ দৰ্শকৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে। সেই উৎসাহক সঙ্গী কৰিয়েই অহা ৭ আগষ্টত ছবিগৃহলৈ আহিব ‘ঐ পুলিচ!!!’। এই পূৰ্ণদৈৰ্ঘ্যৰ ছবিখনে অসমীয়া দৰ্শকক এক সম্পূৰ্ণ মনোৰঞ্জনধৰ্মী চলচ্চিত্ৰৰ অভিজ্ঞতা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে ছবিখনৰ সৈতে জড়িত প্ৰযোজক, পৰিচালক আৰু কলা-কুশলীসকলে।
