গুৱাহাটী, ২২ জুলাই, ২০২৬ : ভয়াবহ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বান পৰিস্থিতি। নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বান কবলত পৰিছে ৰাজ্য। ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বাঢ়নী পানীৰ তলত। ৰাজ্যৰ ১৬ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছে বাঢ়নী পানীৰ তলত (Sixteen District Under Flood Water)। গোলাঘাট, কামৰূপ, হোজাই, ডিব্ৰুগড়, বিশ্বনাথ, ধেমাজি, শোণিতপুৰ, ওদালগুৰি, নগাঁও, চৰাইদেউ, কামৰূপ মহানগৰ, যোৰহাট, তিনিচুকীয়া, কাৰ্বি আংলং, লখিমপুৰ আৰু শিৱসাগৰত তাণ্ডৱলীলা চলাইছে বাঢ়নী পানীয়ে।

নেৰানেপেৰা বৰষুণৰ ফলত কামৰূপ মহানগৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছিল। মহানগৰ গুৱাহাটীৰ বহু অঞ্চল কৃত্ৰিম বানত ডুব যোৱাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল মহানগৰবাসী। অনিল নগৰ, হাতীগাঁৱৰ লগতে লখৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ বহু ঠাই ডুব গৈছে কৃত্ৰিম বানত। বানৰ ফলত প্ৰভাৱিত হৈ আছে ৰাজ্যৰ ৫ লাখতকৈও অধিক লোক। বানৰ ফলত সর্বসাধিক লোক প্ৰভাৱিত হৈ আছে শিৱসাগৰ, চৰাইদেও, যোৰহাট আৰু ধেমাজি জিলাত।শিৱসাগৰত ৩ লাখ ৫৯ হাজাৰ ৫৩৫ জন লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত। আনহাতে, চৰাইদেওত ৭২ হাজাৰ ৬৪৬ জন লোক, ডিব্ৰুগড়ত ১৮ হাজাৰ ৬১৫ জন, গোলাঘাটত ১৬ হাজাৰ ৭৯৯ জন আৰু যোৰহাটত ৮৭ হাজাৰ ৬৬২ জন লোক প্ৰভাৱিত হৈ আছে। ৰাজ্যৰ ২৪২১০.৩৫ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত।

বানৰ বাঢ়নী পানীয়ে তাণ্ডৱলীলা চলাইছে ৰাজ্যৰ কেইবাখনো জিলাত। বিশেষকৈ বানৰ ভয়াৱহ তাণ্ডৱলীলা চলাইছে চৰাইদেও, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু যোৰহাট জিলাত। জিলা কেইখনৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈ আছে বাঢ়নী পানীত। বহু ঠাইত মাথাউৰি ছিঙি কেইবাখনো গাঁও ডুব গৈছে বাঢ়নী পানীত। মাথাউৰি ছিঙি যোৱা অঞ্চল সমূহত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বাঢ়নী পানীয়ে। নিৰাপদ স্থানৰ সন্ধানত ঘৰ এৰি পলায়ন কৰিছে বান প্ৰভাৱিত হাজাৰ হাজাৰ লোকে। আনফালে চহৰীয়া অঞ্চল সমূহত কৃত্ৰিম বানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। কৃত্ৰিম বানত বাট-পথ সমূহ ডুব যোৱাৰ লগতে বহু লোকৰ ঘৰৰ ভিতৰত এক আঁঠু পৰ্যন্ত পানী।

উজনি অসমৰ কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীৰ পানীয়ে কালৰূপ ধাৰণ কৰি বুৰাই পেলাইছে বহু লোকৰ ঘৰ। পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰেনেপেৰা বৰষুণ আৰু নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ ফলত ফেনেফুটুকাৰে নদী-উপনদী সমূহৰ পানী বৃদ্ধি পোৱাত ৰাজ্যৰ ১৬ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰী গুৱাহাটীত কৃত্ৰিম বানত ডুব গৈছে। মহানগৰীৰ বহু অঞ্চল কৃত্ৰিম বানত বুৰ যোৱাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল মহানগৰবাসী।

চৰকাৰী তথ্য অনুসৰি বানৰ কবলত পৰা জিলা কেইখন হৈছে গোলাঘাট, কামৰূপ, হোজাই, ডিব্ৰুগড়, বিশ্বনাথ, ধেমাজি, শোণিতপুৰ, ওদালগুৰি, নগাঁও, চৰাইদেউ, কামৰূপ মহানগৰ, যোৰহাট, তিনিচুকীয়া, কাৰ্বি আংলং, লখিমপুৰ আৰু শিৱসাগৰ। নেৰানেপেৰা বৰষুণৰ ফলত বানৰ তাণ্ডৱলীলা চলিছে চৰাইদেও, ডিব্ৰুগড়, শিৱসাগৰ আৰু যোৰহাট জিলাত। ডিব্ৰুগড়ত ১০৪ খনকৈ গাঁও বাঢ়নী পানীত ডুব গৈ থকাৰ সমান্তৰালভাৱে চৰাইদেউত ১২৭ খন, শিৱসাগৰত ২৬৮ খন, গোলাঘাটত ১৩৩ খন আৰু যোৰহাটত ১৫৪ খন গাঁও ডুব গৈ আছে বাঢ়নী পানীত। ৰাজ্যৰ ১৬ খন জিলাৰ ৪৪ টা ৰাজহ চক্ৰৰ ৮৭২ খনকৈ গাঁও বাঢ়নী পানীতৰ তলত আছে।

বান প্ৰভাৱিত জিলা কেইখনৰ ৫ লাখ ৬৪ হাজাৰ ৬৬০ জন লোক বাঢ়নী পানীত ককবকাই আছে। ইয়াৰে সর্বসাধিক ৩ লাখ ৫৯ হাজাৰ ৫৩৫ জন শিৱসাগৰ জিলাৰ। আনহাতে ২৪২১০.৩৫ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত আছে।নেৰেনেপেৰা বৰষুণৰ ফলত নদী-উপনদী সমূহৰ পানী ফেনেফুটুকাৰে বৃদ্ধি পাইছে আৰু কেইবাখনো নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে। ইফালে আগন্তক তিনিদিন ৰাজ্যত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বান ফলত ৰাজ্যত বৰ্তমানলৈকে ২১ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।