গুৱাহাটী, ২৮ জুলাই, ২২০৬ : শিৱসাগৰ আৰু চৰাইদেউ জিলাত যোৱা ১৯ জুলাইৰ পৰা হোৱা প্ৰলয়ংকাৰী বানত এতিয়ালৈকে শিৱসাগৰ (Sibsagar) জিলাত ৩৮৫ খন গাঁৱৰ চাৰি লাখ ৩ হজাৰ ১৩৪ গৰাকী লোক ক্ষতিগ্রস্ত হোৱাৰ লগতে ৩১ জন লোকৰ প্ৰাণহানি হৈছে আৰু তিনিজন সন্ধানহীন হৈ আছে। শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত মন্ত্রী কেশৱ মহন্তৰ উপস্থিতিত এক সংবাদ মেল সম্বোধন কৰি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান ইত্যাদি বিভাগৰ মন্ত্রী বিমল বড়াই এই তথ্য ডাঙি ধৰে।

মন্ত্রী গৰাকীয়ে সদৰী কৰা মতে এতিয়ালৈকে জিলাখনত ২৮ হেজাৰ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হোৱাৰ লগতে প্ৰায় ৬৪ হেজাৰ গৰু, ছাগলী, গাহৰি আৰু প্ৰায় ৭৫ হেজাৰ হাঁহ-কুকুৰা ক্ষতিগ্রস্ত হৈছে। এতিয়ালৈকে জিলা প্ৰশাসনে এছডিআৰএফ, এনডিআৰএফ, স্থলসেনা, বায়ুসেনাৰ সহযোগত ১২১ খন নাঁৱৰ সহায়ত ২০ হেজাৰ ৫২০ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলিও মন্ত্রী গৰাকীয়ে জানিবলৈ কৰে।

এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা বানাক্ৰান্ত সকলক ২.৮৮ লাখ খাদ্যৰ পেকেট জৰুৰীকালীনভাবে আগবঢ়োৱা হৈছে, ৬ লাখ ৭০ হাজাৰ লিটাৰ খেৱাপানী আৰু আশ্ৰয়ৰ বাবে ৩০ হাজাৰ পৰিয়ালক টাৰ্পোলিন প্ৰদান কৰা হৈছে। মন্ত্রী বিমল বড়াই জনোৱা মতে, বানাক্ৰান্তৰ মাজত এই পৰ্যন্ত ৯৩০০ কুইন্টল চাউল, ১৬৮৯ কুইন্টল দাইল, ৪৩৩ কুইন্টল নিমখ, ৩৫ হাজাৰ ৪৫২ লিটাৰ মিঠা তেলৰ লগতে চিৰা, শিশুখাদ্য, চেনিটেৰী নেপকিন, মহৰ ধূপ, মম, দিয়া চলাই, ব্লিচিং পাউডাৰ, ফিনাইল আদি বিতৰণ কৰা হৈছে।

ইয়াৰ উপৰিও দৈনিক ৮ হাজাৰ লোকক ৰন্ধাখাদ্যও চৰকাৰৰ তৰফৰ পৰা বিতৰণ কৰি থকা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। সম্প্ৰতি ১০০ টা চিকিৎসকৰ দলে বিভিন্ন স্থানত চিকিৎসা সেৱা আগবঢ়াই আছে। এই বিধ্বংসী বানত ৩৫০ খন বিদ্যালয়, ১০১ টা বিদ্যুতৰ খুটা, ৪৬২ টা জল জীৱন মিছনৰ আঁচনি, ৪ টা শিশু উন্নয়ন প্ৰকল্পৰ ৩৬ টা অংগণৱাড়ী কেন্দ্ৰ আৰু এটা সমূহীয়া ভৱন ক্ষতিগ্রস্ত হোৱাৰ লগতে ২১৫ টা পথৰ ১৫৮ কিলোমিটাৰ পথ আৰু ১৯ টা স্থানত প্ৰায় ১২ কিলোমিটাৰ মাথাউৰী ভাঙিছে বুলি মন্ত্রী বিমল বড়াই সংবাদ মেলত প্ৰকাশ কৰে।