গুৱাহাটী, ৩০ জুলাই, ২০২৬ : গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা বাধ্যতামূলক আইনী নিৰ্দেশনাক ৰাজ্য চৰকাৰে ধাৰাবাহিকভাৱে উলংঘা কৰাৰ পৰিণতিতে উজনি অসমৰ তিনিখন জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ তুলি অসম প্ৰদেশ কংগ্ৰেছ (Congress) কমিটীৰ আইনী কোষে সমগ্ৰ বিষয়টোত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ হস্তক্ষেপ বিচাৰি এখন আবেদন পত্ৰ দাখিল কৰিছে। আইনী কোষৰ মতে, পূৰ্বে দাখিল কৰা একাধিক জনস্বাৰ্থজড়িত আবেদন আৰু ৰিভিউ পিটিচনৰ আধাৰত উচ্চ ন্যায়ালয়ে দিখৌ নদী অৱবাহিকাৰ সংৰক্ষণ, মাষ্টাৰ প্লেন প্ৰস্তুত কৰা আৰু টাস্ক ফ’ৰ্চ বেটেলিয়ন নিয়োগ কৰি অবৈধ খনন বন্ধ কৰাৰ স্পষ্ট নিৰ্দেশ দিছিল।
কিন্তু চৰকাৰী যন্ত্ৰৰ ঘোৰ অৱহেলাৰ বাবেই এই আইনী নিৰ্দেশনাসমূহ কাৰ্যকৰী নহ’ল, যাৰ পৰিণতিত অনিয়ন্ত্ৰিত যান্ত্ৰিক খননে নদীসমূহৰ প্ৰাকৃতিক সুৰক্ষা ধ্বংস কৰিলে আৰু শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত এই বিধ্বংসী বানৰ সৃষ্টি হ’ল। আবেদন পত্ৰখনত স্পষ্ট কৰি দিয়া হৈছে যে এই দুৰ্যোগ প্ৰাকৃতিক নহয়, বৰঞ্চ চৰকাৰী গাফিলতি, বালি-পাথৰৰ অবৈধ খননত প্ৰশ্ৰয় আৰু নাগালেণ্ড তথা অৰুণাচল প্ৰদেশৰ বান্ধসমূহৰ পৰা কোনো ধৰণৰ সমন্বয় নোহোৱাকৈ হঠাৎ পানী এৰি দিয়াৰ ফলত সৃষ্টি হোৱা এক মানৱসৃষ্ট বিপৰ্যয়হে। তদুপৰি, নদীৰ তলৰ অংশৰ পৰিৱেশীয় সুৰক্ষা পৰীক্ষা আৰু আগতীয়া সতৰ্কবাণী প্ৰণালী অবিহনে ৭৭,৩৫৩ কোটি টকাৰ বিনিয়োগেৰে বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ যি ব্যৱস্থা কৰা হৈছে, সি জনসাধাৰণক চিৰন্তন বানৰ মুখলৈ ঠেলি দিব বুলি ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰা হৈছে।
এই আবেদন পত্ৰৰ জৰিয়তে কংগ্ৰেছে বানপীড়িতসকলক নামমাত্ৰ সাহায্যৰ পৰিৱৰ্তে ‘সাংবিধানিক টৰ্ট’ আৰু ‘ষ্ট্ৰিক্ট লাইেবিলিটি’ৰ নীতিৰে চৰকাৰক দায়বদ্ধ কৰি ক্ষতিগ্ৰস্ত ঘৰ-বাৰী, খেতি-বাতি আৰু পশুধনৰ সম্পূৰ্ণ ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে।ইয়াৰ উপৰি জিলা খনিজ প্ৰতিষ্ঠান ট্ৰাষ্টৰ পুঁজি ব্যৱহাৰ কৰি দিখৌ নদী অৱবাহিকাৰ বিশেষ পুনৰসংস্থাপন প্ৰকল্প কাৰ্যকৰী কৰা, আদালতৰ তদাৰকীত স্বতন্ত্ৰ বিশেষজ্ঞ কমিটীৰ মূল্যায়ন নকৰালৈকে প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্পৰ কাম স্থগিত ৰখা আৰু বন টাস্ক ফ’ৰ্চ কিয় নিয়োগ কৰা নহ’ল তাৰ স্বচ্ছ ব্যাখ্যা চৰকাৰৰ পৰা দাবী কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ আইনী কোষে এই কঠিন সময়ত ৰাইজৰ কাষত থিয় দি এই মানৱসৃষ্ট দুৰ্যোগৰ বাবে দায়ীসকলক শাস্তি দিয়াবলৈ ৰাজপথৰ পৰা আদালতলৈকে যুঁজ অব্যাহত ৰাখিব বুলিও জানিবলৈ দিয়ে।
