গুৱাহাটী, ১৬ আগষ্ট, ২০২৬ : তেজপুৰ টাইটানছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ (Assam Premier League) শনিবাৰ নিশা হোৱা এখন ৰোমাঞ্চকৰ মেচত গুৱাহাটী ৰয়েলছক দুই উইকেটত পৰাস্ত কৰি প্ৰতিযোগিতাত নিজৰ অস্তিত্ব এতিয়াও ধৰি ৰাখিছে৷ শনিবাৰৰ মেচখন তেজপুৰৰ বাবে মৰণপন আছিল৷ পৰাজয় মানেই বিদায় নিশ্চিত আছিল৷
কিন্তু ২০১ ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰি টাইটানছে দুটা বল বাকী থাকোতেই আঠ উইকেট হেৰুৱাই ২০৩ ৰাণ কৰি দ্বিতীয় জয় অৰ্জন কৰে৷ আঠ মেচত টাইটানছে চাৰি পইণ্ট লাভ কৰিলে৷ দলৰ অপেনাৰ দিবেশ হাজৰিকাই ৪২ বলত ৭৩ ৰাণ কৰি বিজয়ৰ পাতনি মেলে৷ দ্বিতীয় উইকেটৰ যুটিত দিবেশ আৰু নিহাৰ ডেকাই ২৫ বলত ৭৯ ৰাণ কৰাৰ ফলশ্ৰুতিতে জয়ৰ ভেটি স্থাপন হয়৷ আনহাতে, সুন্দৰ আৰম্ভনিক ৰোছন টপ্ন’ই ২৪ বলত ৩৯ তথা আয়ুষ্মান মালাকাৰে ১৮ বলত ৪১ ৰাণ কৰি টাইটানছক চমকপ্ৰদ বিজয় দিয়ে৷
ইয়াৰপূৰ্বে প্ৰথমে বেটিং কৰা গুৱাহাটী ৰয়েলছে চাৰি উইকেট হেৰুৱাই ২০০ ৰাণ কৰে৷ উল্লেখ্য যে দ্বিতীয়বাৰৰ বাবে ৰয়েলছে দলীয় স্ক’ৰ ২০০ কৰিবলৈ সক্ষম হয়৷ দলৰ এই বিশাল স্ক’ৰ কৰাত মুল ভূমিকা লয় অপেনাৰ সঞ্জয় সিঙে৷ ৫৭ বলত ছটা ছিক্সাৰসহ ৮১ ৰাণৰ অপৰাজিত ইনিংছ খেলা সঞ্জয়ে ৩২ ৰাণত দুটা উইকেট হেৰুৱাই সংকটত পৰা ৰয়েলছৰ ইনিংছ নতুনকৈ গঢ় দিয়ে৷ সঞ্জয়ক সুন্দৰ সহযোগ দিয়ে নিবিৰ ডেকা ২২, নিপেন ডেকা ৪৩ আৰু গুঞ্জনজ্যোতি ডেকাই ৪১ কৰি৷ নিবিৰৰ লগত ৪৩ ৰাণৰ যুটি বন্ধাৰ পাছত সঞ্জয় আৰু গুঞ্জনজ্যোতিৰ মাজত সংগ্ৰহ হয় ৮১ ৰাণ৷
আনহাতে, নিপেনৰ লগত সঞ্জয়ে ৫৩ ৰাণ কৰি দলক শক্তিশালী স্থিতিত উপনিত কৰায়৷ উল্লেখ্য যে ৫৩ ৰাণৰ ৪৩ ৰাণেই কৰে মাত্ৰ ১০ টা বলৰ সন্মুখিন হৈ ছটা ছিক্সাৰ মৰা নিপেনে৷ আয়ুষ্মান মালাকাৰে দিয়া ২০ নম্বৰ অভাৰটোত নিপেনে পাঁচটা ছিক্সাৰ, এটা বাউণ্ডেৰীৰ লগতে ন’বল সহ মুঠ ৩৫ ৰাণ সংগ্ৰহ কৰে৷ এয়া এ পি এলৰ অভিলেখ৷ ৰয়েলছে অন্তিম চাৰি অভাৰত ৯৯ ৰাণ কৰে৷ অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ কাইলৈ দিনৰ দুই বজাত হ’বলগা প্ৰথমখন খেলত ডিব্ৰুগড় ৱাৰিয়ৰ্ছ আৰু যোৰহাট ষ্টেলিয়নছ মুখামুখি হ’ব৷ ইফালে, নিশা সাত বজাত হ’বলগা দ্বিতীয়খন খেলত বৰপেটা ব্ৰেভছে নগাঁও ৰেঞ্জাৰ্ছৰ বিৰুদ্ধে খেলিব৷
