নিউজ ডেস্ক, ২ অক্টোবৰ, ২০২৬ : বৰ্তমানে চলি থকা স্বচ্ছতা হি সেৱা ২০২৬ অভিযানৰ অংশ হিচাপে ১ অক্টোবৰ, ২০২৬ তাৰিখে ৰে’লৱে বিষয়াবৰ্গ আৰু কৰ্মচাৰীৰ উৎসাহজনক অংশগ্ৰহণেৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন স্থানত ব্যাপক শ্ৰমদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ৰে’লৱে চৌহদত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সংস্কৃতি, পৰিৱেশৰ (Environment) প্ৰতি দায়বদ্ধতা আৰু জনসাধাৰণৰ অংশগ্ৰহণ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী ৰূপায়ন কৰা হয়।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পাঁচটা মণ্ডল-কাটিহাৰ, আলিপুৰদুৱাৰ, ৰঙিয়া, লামডিং আৰু তিনিচুকীয়াৰ ৰে’লৱে ষ্টেচন, কাৰ্যালয়, অন্যান্য ৰে’লৱে চৌহদত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান আৰু সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰি জ্যেষ্ঠ বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকলে অতি উৎসাহেৰে শ্ৰমদান, শপত গ্ৰহণ আৰু সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিভিন্ন স্থানত বৃক্ষৰোপণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়। ইয়াৰ জৰিয়তে এই অভিযানত পাৰিপাৰ্শ্বিক পৰিধিৰ বিভিন্ন দিশসমূহ সংযোজিত কৰাৰ লগতে অধিক সেউজ আৰু পৰিষ্কাৰ ৰে’লৱে পৰিৱেশ গঢ়ি তোলাৰ বাবে উৎসাহিত কৰা হয়।

যাত্ৰী আৰু সাধাৰণ জনসাধাৰণকো এই অভিযানত অংশগ্ৰহণ কৰি পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত ৰে’লৱে চৌহদ বজাই ৰখাত অৰিহণা যোগাবলৈ উৎসাহিত কৰা হয়। সজাগতা কাৰ্যসূচী আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে অভিযানটোৱে এই বাৰ্তা শক্তিশালী কৰাৰ চেষ্টা কৰিছে যে পৰিষ্কাৰ-পৰিচ্ছন্নতা এক সামূহিক দায়িত্ব আৰু ইয়াক স্থায়ীভাৱে বজাই ৰাখিবলৈ সকলোৰে সমূহীয়া অংশগ্ৰহণ অতি প্ৰয়োজনীয়।

গুৱাহাটী ৰে’ল ষ্টেচনত, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় আৰু গুৱাহাটী ষ্টেচনৰ বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকলে ব্যাপক শ্ৰমদান কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ৰে’লৱে ব’ৰ্ডৰ প্ৰধান কাৰ্যবাহী সঞ্চালক (ৰোলিং ষ্টক)-এ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াবৰ্গ আৰু ৰে’লৱে কৰ্মচাৰীসকলৰ সৈতে পৰিষ্কাৰ-পৰিচ্ছন্নতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰি সমূহীয়াভাৱে শ্ৰমদান আগবঢ়োৱাৰ লগতে ষ্টেচনত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বচ্ছতা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ লগতে পৰিৱেশগত বহনক্ষমতাৰ বাৰ্তা প্ৰচাৰৰ উদ্দেশ্যে বৃক্ষৰোপণ কাৰ্যসূচীও আয়োজন কৰা হয়।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিৰ্মাণ সংস্থাইও স্বচ্ছতা হি সেৱা ২০২৬ অভিযানত অংশগ্ৰহণ কৰে। নিৰ্মাণ সংস্থাৰ অধীনৰ বিভিন্ন কাৰ্যালয় আৰু প্ৰকল্পস্থলীত ব্যাপক শ্ৰমদান, সজাগতা আৰু বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। লগতে বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকলে এই কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অধিক পৰিষ্কাৰ, সেউজ আৰু বহনক্ষম ৰে’লৱে পৰিৱেশ গঢ়ি তোলাৰ দিশত অৱদান আগবঢ়ায়।

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ বিভিন্ন স্থানত গ্ৰহণ কৰা এই পদক্ষেপসমূহে পৰিষ্কাৰ-পৰিচ্ছন্নতা, পাৰিপাৰ্শ্বিক বহনক্ষমতা, জনসজাগতা আৰু সামূহিক অংশগ্ৰহণৰ প্ৰতি ৰে’লৱে পৰিয়ালৰ দায়বদ্ধতাকে পুনৰ দৃঢ় কৰি তুলিছে। এই অভিযানৰ জৰিয়তে ৰে’লৱেৰ বিষয়াবৰ্গ, কৰ্মচাৰী, যাত্ৰী আৰু সাধাৰণ জনসাধাৰণক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰচেষ্টাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু স্বচ্ছতা, সেৱা আৰু সামূহিক দায়বদ্ধতাৰ ভাবধাৰা আগুৱাই নিবলৈ উৎসাহিত কৰি স্বচ্ছতা হি সেৱা অভিযানৰ প্ৰতি জনসাধাৰণৰ মাজত অধিক সজাগতা আৰু অংশগ্ৰহণত অনুপ্ৰেৰিত কৰে।