গুৱাহাটী, ২ নৱেম্বৰ, ২০২৬ : সময়মতে সঠিক চিকিৎসাতহে নিৰ্ভৰ কৰে ষ্ট্ৰ’কত আক্ৰান্ত এজন ব্যক্তিৰ জীৱনৰ আশা। বিশ্ব ষ্ট্ৰ’ক দিৱস উপলক্ষে এই গুৰুত্বপূৰ্ণ দিশটোকে সঁহাৰি জনাই ষ্ট্ৰ’কৰ লক্ষণসমূহ চিনাক্ত কৰা আৰু পলম নকৰি তৎকালীন চিকিৎসা (Treatment) সেৱা গ্ৰহণৰ সজাগতা বৃদ্ধিৰ বাবে পুনৰ বিশেষ আহ্বান জনায় পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে। নিজৰ ধাৰাবাহিক ‘গ’ল্ডেন আৱাৰ’ সজাগতামূলক পদক্ষেপৰ অধীনত চিকিৎসালয়খনে স্পষ্ট কৰি দিয়ে যে, কেৱল ষ্ট্ৰ’ক চিনাক্ত কৰাটোৱেই প্ৰথম খোজ; এক মুহূৰ্তও সময় অপব্যয় নকৰি তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিলেহে চিকিৎসাৰ ফলাফল আশাব্যঞ্জক হোৱাৰ লগতে ৰোগী দীৰ্ঘম্যাদীভাৱে সুস্থ হৈ উঠাৰ সম্ভাৱনা নিশ্চিত হৈ পৰে।

ইফালে, বিশ্বজুৰি ২০২৬ বৰ্ষৰ বিশ্ব ষ্ট্ৰ’ক দিৱস উপলক্ষে চলি থকা “এভৰী মিনিট কাউণ্টচ” অভিযানৰ মূল লক্ষ্যই হৈছে ষ্ট্ৰ’কৰ লক্ষণ চকুত পৰাৰ লগে লগে ‘ফাষ্ট’ পদ্ধতিৰে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা। এই সতৰ্কবাৰ্তা বিশেষভাৱে প্ৰাসংগিক, কিয়নো ষ্ট্ৰ’ক একেবাৰে হঠাৎ দেখা দিয়ে আৰু বহুসময়ত সাধাৰণ ক্লান্তি, মূৰ ঘূৰোৱা বা সামান্য শাৰীৰিক সমস্যা বুলি মানুহে ইয়াক আওকাণ কৰে। নিজে নিজে এনে সমস্যা উপশম হোৱালৈ বাট চাই ৰোৱা বা চিকিৎসকৰ কাষ চাপিবলৈ পলম কৰাৰ ফলতেই জীৱনৰ বহুমূলীয়া চিকিৎসাৰ সময়খিনি অথলে যায়। গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালৰ জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ কুৰ্মী ৰাজেশ কুমাৰে কয়, “ষ্ট্ৰ’ক এনে এক জৰুৰীকালীন স্বাস্থ্য সংকট, য’ত প্ৰতিটো পল-অনুপলৰ ওপৰতে নিৰ্ভৰ কৰে ৰোগীৰ জীৱন আৰু চিকিৎসাৰ ভৱিষ্যত। এই বিপদৰ পৰা বাচি থাকিবলৈ আমি সকলোকে ‘ফাষ্ট’ সংকেত সদায় মনত ৰখাৰ আহ্বান জনাইছোঁ- অকস্মাৎ মুখমণ্ডল এফালে বেঁকা হৈ পৰা, হাত-ভৰি অসাৰ বা দুৰ্বল লগা, মুখৰ মাত থোকাথুকি হোৱা আৰু জৰুৰীভাৱে চিকিৎসালয়লৈ দৌৰাৰ সময়। কাৰোবাৰ দেহত হঠাৎ এনে উপসৰ্গই দেখা দিলে নিজে নিজে ভাল হোৱালৈ কেতিয়াও বাট নাচাব। পলম নকৰি মুহূৰ্ততে জৰুৰীকালীন চিকিৎসা সেৱাৰ কাষ চাপক। ইয়াৰ সমান্তৰালকৈ ৰোগীগৰাকী শেষবাৰলৈ কেতিয়ালৈকে সম্পূৰ্ণ সুস্থ অৱস্থাত আছিল, সেই সঠিক সময়খিনি মনত ৰখাটোও অত্যন্ত জৰুৰী। এই সময়খিনিয়েহে চিকিৎসকৰ দলটোক চিকিৎসাৰ সঠিক পথ নিৰ্ধাৰণ কৰাত বাট দেখুৱায়।”

ডাঃ কুমাৰে লগতে স্পষ্ট কৰি দিয়ে যে ‘গ’ল্ডেন আৱাৰ’ক চিকিৎসাৰ কোনো চূড়ান্ত সময়সীমা বুলি ভাবি হাত সাবটি বহি থকাটো ভুল; বৰঞ্চ এয়া তৎপৰতাৰে সজাগ হোৱাৰহে এক সতৰ্কবাৰ্তা। বৰ্তমানৰ চিকিৎসা বিজ্ঞানে মগজুলৈ তেজ চলাচল বন্ধ হৈ ষ্ট্ৰ’কত ভোগা উপযুক্ত ৰোগীৰ ক্ষেত্ৰত ক্ষিপ্ৰ পৰীক্ষা আৰু তৎকালীন ব্যৱস্থা লোৱাৰ স্পষ্ট নিৰ্দেশনা দিয়ে। নিয়ম অনুসৰি চাৰে চাৰি ঘণ্টাৰ ভিতৰত চিকিৎসালয় পালে উপযুক্ত ৰোগীক শিৰাত বেজী দি তেজৰ চেকুৰা গলাই পেলোৱাৰ চিকিৎসা ফলপ্ৰসূ হয়। আনহাতে বিশেষ পৰীক্ষাৰ সহায়ত কিছুসংখ্যক ৰোগীক এই নিৰ্দিষ্ট সময় পাৰ হৈ যোৱাৰ পাছতো সুস্থ কৰি তোলাৰ সুযোগ থাকে। মন কৰিবলগীয়া যে, আধুনিক প্ৰযুক্তিৰে বন্ধ হৈ পৰা মূল ৰক্তনলীৰ পৰা তেজৰ চেকুৰা উলিয়াই অনা অস্ত্ৰোপচাৰৰ জৰিয়তে বহু ৰোগী পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ সক্ষম হৈছে, আনকি লক্ষণ দেখা দিয়াৰ পৰা চিকিৎসালয় পাবলৈ ২৪ ঘণ্টালৈকে পলম হোৱা একাংশ ৰোগীও এই আধুনিক ব্যৱস্থাৰ দ্বাৰা উপকৃত হৈছে। ডাঃ কুমাৰে লগতে সোঁৱৰাই দিয়ে যে এই সকলো চিকিৎসা সকলো ৰোগীৰ বাবে সমানে প্ৰযোজ্য নহয়। শাৰীৰিক পৰীক্ষা, মগজুৰ স্কেনৰ প্ৰতিবেদন আৰু অন্যান্য ব্যক্তিগত স্বাস্থ্যজনিত কাৰণৰ ওপৰত ভিত্তি কৰিহে এজন ৰোগী কোনটো চিকিৎসাৰ বাবে উপযুক্ত সেয়া নিৰ্ধাৰণ কৰা হয়। তথাপিও প্ৰাৰম্ভিক সময় পাৰ হৈ যোৱাৰ পাছতো উন্নত চিকিৎসাৰ বাট খোলা থকা কথাটোৱে এটা কথাই প্ৰমাণ কৰে যে চিকিৎসালয়লৈ যাবলৈ বেছি দেৰি হ’ল বুলি কেতিয়াও হাত সাবটি বহি থাকিব নালাগে। ষ্ট্ৰ’কৰ সামান্যতম সন্দেহ হ’লেও প্ৰতিগৰাকী ৰোগীকে তৎকালীন চিকিৎসা পৰীক্ষাৰ অধীনলৈ অনাটো অত্যন্ত জৰুৰী।

ইফালে, ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ সন্দেহ থকা লোকক কোনো চিকিৎসকৰ পৰামৰ্শ অবিহনে খাদ্য, পানী বা এছপিৰিনৰ দৰে কোনো ঔষধ নিজে নিজে খাবলৈ নিদিবলৈ ৰাইজক সতৰ্ক কৰি দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই। মগজুৰ ৰক্তনলী বন্ধ হোৱাৰ বাবে নাইবা ৰক্তনলী ফাটি মগজুত ৰক্তক্ষৰণ ঘটাৰ বাবেও ষ্ট্ৰ’ক হ’ব পাৰে। ৰোগীগৰাকী এই দুটাৰ কোনটো সংকটত পৰিছে, তাৰ ওপৰত নিৰ্ভৰ কৰিহে সঠিক চিকিৎসা আৰম্ভ কৰা হয়। সেয়েহে কোনো বিভ্ৰান্তিত নপৰি ৰোগৰ সঠিক কাৰণ চিনাক্ত কৰিবলৈ আৰু সুৰক্ষিতভাৱে জীৱন ৰক্ষাৰ চিকিৎসা প্ৰদান কৰিবলৈ তৎকালে চিকিৎসকৰ কাষ চপাৰ কোনো বিকল্প নাই বুলি মন্তব্য কৰে পিয়াৰলেছ হাস্পতালে।।বিশ্ব ষ্ট্ৰ’ক দিৱসৰ তাৎপৰ্য সন্দৰ্ভত পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ প্ৰণৱ বৰুৱাই কয়, “বিশ্ব ষ্ট্ৰ’ক দিৱসে আমাক সোঁৱৰাই দিয়ে যে ষ্ট্ৰ’কত আক্ৰান্ত লোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সজাগতা, সময়মতে ব্যৱস্থা গ্ৰহণ আৰু সঠিক চিকিৎসা সেৱাৰ প্ৰাপ্তি অত্যন্ত অপৰিহাৰ্য। আমি বিশ্বাস কৰোঁ যে সমাজখনক সঠিক তথ্যৰে সজাগ কৰি তুলিলে জৰুৰীকালীন স্বাস্থ্য সংকটৰ সময়ত প্ৰতিজন ব্যক্তিয়ে সময়োচিত সিদ্ধান্ত ল’বলৈ সক্ষম হ’ব। পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে স্বাস্থ্য সজাগতা বৃদ্ধি কৰাৰ লগতে সময়মতে উপযুক্ত চিকিৎসা সেৱা গ্ৰহণক এক জীৱনদায়ী পদক্ষেপ হিচাপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।” উল্লেখ্য যে, নিজৰ ধাৰাবাহিক ‘গ’ল্ডেন আৱাৰ’ পদক্ষেপৰ জৰিয়তে পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে প্ৰতিজন ব্যক্তি, পৰিয়াল আৰু সমাজক ষ্ট্ৰ’কৰ প্ৰাথমিক বিপদ সংকেত চিনি পাবলৈ, তাৎক্ষণিকভাৱে সঁহাৰি জনাবলৈ আৰু জৰুৰীকালীন চিকিৎসা সেৱাৰ গুৰুত্ব উপলব্ধি কৰিবলৈ উৎসাহিত কৰাৰ লক্ষ্য লৈছে। পৰিয়ালৰ সদস্য তথা ওচৰ-চুবুৰীয়াৰ মাজত এনে সজাগতা বৃদ্ধি পালে লক্ষণ দেখা দিয়া আৰু চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ মাজৰ সময়ৰ ব্যৱধান বহু পৰিমাণে হ্ৰাস পোৱাৰ সুযোগ থাকে।