নিউজ ডেস্ক, ১৮ নৱেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway)১০ বছৰতকৈও কম সময়ৰ ভিতৰত উত্তৰ-পূব ভাৰতত ইয়াৰ অধিক্ষেত্ৰৰ সমগ্ৰতে ১০০ শতাংশ ৰে’লৱে বৈদ্যুতিকৰণ সম্পূৰ্ণ কৰাৰ দিশত এক অভুতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ২০১৪ বৰ্ষৰ পূৰ্বে এই অঞ্চলত ৰে’লৱে বৈদ্যুতিকৰণ হোৱাই নাছিল। ২০১৭-১৮ বৰ্ষত বৈদ্যুতিকৰণৰ পদক্ষেপ গ্ৰহণ কৰা হয়, যি ৰে’লৱেৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ আৰু বহনক্ষম পৰিবহণৰ প্ৰসাৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হয়, যি উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনৰ ৰাজ্যসমূহত ক্ৰমান্বয়ে সম্প্ৰসাৰিত হোৱাৰ লগতে ৰে’লৱে সংযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে অধিক দক্ষ, পৰিৱেশ অনুকূল আৰু নিৰ্ভৰযোগ্য ৰে’ল পৰিচালনত অৰিহণা যোগায়।
উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সমগ্ৰ সক্ৰিয় ৰে’লৱে খণ্ডত ৰে’লৱে বৈদ্যুতিকৰণ এতিয়া সম্পূৰ্ণ হৈছে, যি উত্তৰ পূব সীমান্ত ৰে’লৱেৰ আধুনিকীকৰণৰ প্ৰয়াসত এক গুৰুত্বপূৰ্ণ সফলতা হিচাবে চিহ্নিত হৈছে। ২০২৬-২৭ বৰ্ষ পৰ্যন্ত পঞ্জীয়নভুক্ত মুঠ অগ্ৰগতি অনুসাৰে, উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধিক্ষেত্ৰৰ সমগ্ৰতে মুঠ ৪,৩১১.৯৬ ৰুট কিলোমিটাৰ (আৰকেএম) বৈদ্যুতিকৰণ কৰিছে। ইয়াৰে ২,৫৪৬.০৪ আৰকেএম অসমৰ অন্তৰ্গত, ৯৮৭.৫১ আৰকেএম পশ্চিম বংগৰ অন্তৰ্গত আৰু ৪২৭.৪৯ আৰকেএম বিহাৰৰ অধীনত পৰে। ত্ৰিপুৰা (২৬৯.৪৫ আৰকেএম), মিজোৰাম (৫২.৮৮ আৰকেএম), অৰুণাচল প্ৰদেশ (১১.৬৭ আৰকেএম), মেঘালয় (৯.৫৮ আৰকেএম), নাগালেণ্ড (৬ আৰকেএম) আৰু মণিপুৰতো (১.৩৫ আৰকেএম) বৈদ্যুতিকৰণৰ প্ৰগতি পঞ্জীয়নভুক্ত কৰি উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সমগ্ৰতে বৈদ্যুতিকৃত ৰেলৱেৰ নেটৱৰ্কৰ আন্তঃগাঁথনিৰ বিস্তৃত সম্প্ৰসাৰণকেই প্ৰতিফলিত কৰিছে।
বছৰ অনুসৰি পৰিসংখ্যাই এই বৈদ্যুতিকৰণ পদক্ষেপৰ অধীনত অৰ্জন কৰা ধাৰাবাহিক অগ্ৰগতিকেই প্ৰদৰ্শন কৰিছে। ২০২৩-২৪ বৰ্ষত, উত্তৰ পূব সীমান্ত ৰে’লৱেই ৯১৫.৬২ আৰকেএম বৈদ্যুতিকৰণ অৰ্জন কৰে, তাৰ পিছত ২০২৪-২৫ বৰ্ষত ১,১৪১.৩৮ আৰকেএম আৰু ২০২৫-২৬ বৰ্ষত অতিৰিক্ত ৪৪৫.৬৬ আৰকেএম সামৰি লোৱা হয়, আনহাতে ২০২৬-২৭ বৰ্ষত বৰ্তমানলৈকে পঞ্জীয়ন কৰা অগ্ৰগতি হৈছে ১৪১.৭৭ আৰকেএম, যি ইয়াৰ বৈদ্যুতিকৃত ৰে’লৱে নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেই অবিৰত প্ৰচেষ্টাকেই প্ৰতিফলিত কৰিছে। শেহতীয়াকৈ, ১৪-০৯-২০২৬ তাৰিখে লামডিং-বদৰপুৰ খণ্ডত আৰু ১২-১০-২০২৬ তাৰিখে মিজোৰামৰ ভৈৰবী-ছাইৰাং খণ্ডত ৰে’লৱে বৈদ্যুতিকৰণ সফলতাৰে সম্পূৰ্ণ কৰা হয়, যি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বৈদ্যুতিক ৰে’ল সংযোগ সম্প্ৰসাৰণত অধিক অগ্ৰগতিকেই চিহ্নিত কৰিছে।
ইয়াৰ উপৰিও, নিৰ্মাণাধীন নতুন ৰে’লপথ প্ৰকল্পসমূহত বৈদ্যুতিকৰণৰ কাম একেলগে আগবাঢ়ি আছে যি আগন্তুক ৰে’লৱে আন্তঃগাঁথনি আধুনিক, শক্তি-দক্ষ আৰু বহনক্ষম ট্ৰেক্সন প্ৰণালীৰে সুসজ্জিত থকাৰ দিশত নিশ্চিত কৰা হৈছে। এই উল্লেখনীয় সফলতাসমূহে ৰে’লৱে আন্তঃগাঁথনিৰ আধুনিকীকৰণ, শক্তি-দক্ষ আৰু সেউজ পৰিবহণ প্ৰসাৰৰ লগতে ভাৰতীয় ৰে’লৱেৰ ব্ৰড-গজ নেটৱৰ্কৰ ১০০ শতাংশ বৈদ্যুতিকৰণ প্ৰাপ্ত কৰাৰ দিশত অৰিহণা যোগোৱাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ প্ৰতিশ্ৰুতিকেই পুনৰবাৰ প্ৰতিফলিত কৰি তুলিছে।
