নিউজ ডেস্ক, ২৫ নৱেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক বিবেক খাৰেই তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত কেইবাখনো (Tinsukia) বৃহৎ আৰু সৰু সেতু পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন ৰে’লৱে ষ্টেচনৰ কাম-কাজৰ বিস্তৃতভাৱে পৰিদৰ্শন কৰে। এই ভ্ৰমণৰ মূল উদ্দেশ্য আছিল ৰে’ল পৰিচালনাৰ সুৰক্ষা, আন্তঃগাঁথনিৰ ৰক্ষণাবেক্ষণ, যাত্ৰীৰ সুবিধা আৰু চলি থকা নিৰ্মাণকাৰ্যসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰা। এই পৰিদৰ্শনৰ সময়ত তিনিচুকীয়াৰ মণ্ডল ৰে’লৱে প্ৰবন্ধক আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় তথা উক্ত মণ্ডলৰ জ্যেষ্ঠ বিষয়াবৰ্গও তেখেতৰ সৈতে উপস্থিত থাকে।

সেতুসমূহ পৰিদৰ্শনৰ সময়ত খাৰেই সেইসমূহৰ সামগ্ৰিক অৱস্থা আৰু ৰক্ষণাবেক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। বিশেষকৈ সেতুসমূহৰ গাঁথনিগত সুৰক্ষা আৰু ৰে’ল পৰিচালনাৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। যাত্ৰীবাহী আৰু মালবাহী ৰে’লৰ সুৰক্ষিত চলাচল নিশ্চিত কৰাৰ বাবে সেতুসমূহৰ নিয়মীয়া নিৰীক্ষণ আৰু সময়মতে মেৰামতি তথা যথাযথ ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰে। এই পৰিদৰ্শন কাৰ্যসূচী ২৩ নৱেম্বৰত আৰম্ভ হোৱা পৰিদৰ্শনৰ ধাৰাবাহিকতা আছিল। সেইদিনা ডিব্ৰুগড়ৰ কোচিং ৰক্ষণাবেক্ষণৰ সুবিধাসমূহ, ডিব্ৰুগড় আৰু চিলাপথাৰ ৰে’লৱে ষ্টেচনৰ যাত্ৰী সা-সুবিধা, বগীবিল সেতু আৰু চলি থকা ৰে’লপথ নবীকৰণৰ কাম-কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰা হৈছিল।

নিয়মীয়া পৰিদৰ্শন আৰু কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰে’লৱেৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে ৰক্ষণাবেক্ষণৰ মান উন্নত কৰা আৰু আন্তঃগাঁথনিৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই পদক্ষেপসমূহে উত্তৰ-পূৰ্বাঞ্চলত নিৰ্ভৰযোগ্য ৰে’ল সেৱা প্ৰদান আৰু সংযোগ ব্যৱস্থা অধিক উন্নত কৰাৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে।