মুকালমুৱা, ১৭ আগষ্টঃ নলবাৰীৰ দক্ষিণ প্ৰান্তৰ বৰক্ষেত্ৰী সমষ্টিৰ বৰতলাৰ যুৱত তথা আৰক্ষী জোৱান দীনেশ বৰ্মনে সাহসিকতাৰ বঁটা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ দশম আৰক্ষী বাহিনীৰ জোৱান দীনেশ বৰ্মনে কিছুবছৰ পূৰ্বে উগ্ৰপন্থী অভিযানত সাহসিকতাৰ পৰিচয় দাঙি ইতিহাসৰ পাতত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল৷  দীনেশে সাহসিকতাৰ কাৰণে ৰাষ্ট্ৰপতিৰ পৰা সাহসিকতাৰ পুৰস্কাৰো লাভ কৰিবলৈ সক্ষম হৈছিল৷ স্বাধীনতা দিৱসৰ দিনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা দীনেশে সাহসিকতাৰ বঁটা গ্ৰহণ কৰে৷ প্ৰয়াত দণ্ডিৰাম বৰ্মনৰ পুত্ৰ তথা তিনি সন্তানৰ পিতৃ দীনেশ বৰ্মনক দুসাহসিকতাৰ কাৰণে বৰতলাবাসীয়ে গৌৰৱেৰে ছালাম জনাইছে৷ আনহাতে দীনেশ বৰ্মনে সাহসিকতাৰ পুৰস্কাৰ লাভ কৰাত গাওঁখনৰ যুৱ প্ৰজন্মৰ মাজত উৎসাহ বৃদ্ধি পাইছে৷ অসম আৰক্ষীৰ জোৱান দীনেশ বৰ্মনে এক আছুতীয়া সাক্ষাৎকাৰত যিকোনো ভয়ংকৰ পৰিষ্ঠিতি মোকাবিলা কৰিবলৈ সদায়ে সাজু থকাৰ কথা জানিবলৈ দিয়ে৷ তেওঁ অসম আৰক্ষীৰ প্ৰতিজন জোৱানক উগ্ৰপন্থীৰ বিৰুদ্ধে সৎ সাহসেৰে দেশ মাতৃৰ হকে যুঁজি নিজৰ সাহসিকতাৰ পৰিচয় দাঙি ধৰিবলৈ অনুৰোধ জনাইছে৷