কলগাছিয়া ১ চেপ্তেম্বৰঃ বৰপেটাৰ ছাপৰাত পুখুৰীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, মৃতদেহটো জনিয়া সত্ৰৰ প্ৰয়াত পদুম দাসৰ পুত্ৰ প্ৰাঞ্জল দাস (২৭) বুলি জানিব পৰা হৈছে৷ যোৱাকালি যুৱকজনে বৰপেটা ৰোডলৈ গাড়ীৰ টায়াৰ কিনিবলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হয়৷ আজি পুৱা পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতদেহৰ কাষতে প্ৰাঞ্জলৰ ডিস্কোভাৰ বাইকখন উদ্ধাৰ কৰা হৈছে। ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে বৰপেটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্ততহে এয়া দুৰ্ঘটনা নে হত্যাকাণ্ড জানিব পৰা যাব।