কামপুৰ, ১ ছেপ্টেম্বৰঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৬৯ সংখ্যক জন্মোৎসৱ অহা ৩০ চেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ কামপুৰ কেন্দ্ৰীয় নামঘৰত কামপুৰ উন্নতি সাধিনী সভাৰ উদ্যোগত তিনি দিনীয়া কাৰ্যসূচীৰে পালনৰ প্ৰস্তুতি চলোৱা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱৰ আয়োজনক লৈ এখন নাগৰিক সভা অনুষ্ঠিত হয়৷ জ্যেষ্ঠ নাগৰিক কমলেশ্বৰ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জনাৰ্দ্দন বৰাক সভাপতি আৰু চেনিৰাম শইকীয়াক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হয়। শঙ্কৰদেৱৰ জন্মোৎসৱৰ প্ৰত্যেক দিনা নাম প্ৰসংগ, ধৰ্মালোচনা সভা আৰু ভাওঁনা প্ৰদৰ্শন কৰা হ’ব৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৬৯ সংখ্যক জন্মোৎসৱত উদ্যোক্তাসকলে সমূহ ভক্তপ্ৰাণ ৰাইজক উপস্থিত থকাৰ আহ্বান জনাইছে৷