গুৱাহাটী, ১৯ ছেপ্তেম্বৰঃ গোৱালপাৰাৰ লক্ষীপুৰ থানাৰ অন্তর্গত জৰিয়াবিলত আকস্মিক ঘূৰ্ণী বতাহত সংঘটিত শোকাৱহ নাও দুর্ঘটনাত শিশুকে ধৰি কেবাজনো ব্যক্তি নিহত হোৱা ঘটনাত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্রকাশ কৰিছে। এক শোক বার্তাত মুখ্যমন্ত্রী সোণোৱালে কয় যে, এই আকস্মিক দুর্ঘটনাত শিশুকে ধৰি বহু কেইগৰাকী ব্যক্তিয়ে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হোৱাটো অত্যন্ত মর্মান্তিক। মুখ্যমন্ত্রীয়ে নিহত লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰি নিহত ব্যক্তিসকলৰ নিকটাত্মীয়ালৈ ৪ লাখ টকাৰ এককালীন সাহাৰ্য্য প্ৰদানৰ কথা ঘোষণা কৰে৷ মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তক নিহত ব্যক্তি সকলৰ পৰিয়াললৈ তৎকালীনভাৱে এই ধনৰাশি প্ৰদানৰ ব্যৱস্থা ল’বলৈ নির্দেশ দিয়ে। উল্লেখ্য যে, অসম আৰু মেঘালয়ৰ সীমান্তৰ ভিমখোজ আৰু বগিলাৰভিটা হাৰীভাঙা ১৭ ছেপ্টেম্বৰত সংঘটিত পৰম্পৰাগত নাওঁ প্ৰতিযোগিতাৰ মাজতে অহা প্ৰচণ্ড ধুমুহাত ১০ খনকৈ নাওঁ ডুবি ১৩ জনতকৈ লোক নিহত হয়৷