কাজিৰঙা, ২২ ছেপ্তেম্বৰঃ কাজিৰঙাৰ শিলজুৰিৰ এনআৰএল এনাৰ্জী ষ্টেছন তেল ডিপুৰ পৰা অস্ত্ৰধাৰী দুৰ্বৃত্তই এজন কৰ্মচাৰীক অপহৰণ কৰি নিয়া ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, নিশা প্ৰায়  ১১-৩০ বজাত তিনিজনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ এটা দলে ডিপুত প্ৰৱেশ কৰি ভাস্কৰ গগৈ নামৰ ডিপুটোৰ এগৰাকী কৰ্মচাৰীক অপহৰণ কৰি নিয়ে৷ গোলাঘাট আৰক্ষীয়ে বৰ্তমান উগ্ৰপন্থী গোটসমূহ নিস্ক্ৰিয়তাত এয়া কোনো দুৰ্বৃত্তৰ উদ্দেশ্য প্ৰণোদিত কাণ্ড বুলি সন্দেহ কৰিছে৷ গোলাঘাট আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে আৰু অতি শীঘ্ৰে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি জানিবলৈ দিয়ে৷ আনহাতে, অপহৰণকাৰী দলটোৱে  এনআৰএল এনাৰ্জী ষ্টেছন তেল ডিপুৰ মালিকপক্ষৰ লগত যোগাযোগ কৰি  মুক্তিপণ দাবী কৰাৰ কথা জানিব পৰা গৈছে৷ উল্লেখ্য যে, পূৰ্বে এটা নিৰাপত্তাৰক্ষী দলে উক্ত তেল ডিপুটোত নিৰাপত্তাৰ কাম নিয়োজিত আছিল৷ কিন্তু কিছুদিনৰ পূৰ্বে দলটোক নিৰাপত্তাৰ কামৰ পৰা আঁতৰাই নিয়াৰ পাছতে দুৰ্বৃত্তৰ দলটোৱে সুযোগ বুজি তেল ডিপোত প্ৰৱেশ অপহৰণ কাণ্ডটো সংঘটিত কৰে৷