সংবাদ ৩৬৫ ডেস্ক, ২৪ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতিক লৈ ৰাজ্যজুৰি ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে৷ দুৰ্গাপূজা আয়োজক সমিতিসমূহে পূজা মণ্ডপ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তুলিছে৷ লাখ লাখ টকা ব্যয় কৰি বিভিন্ন আৰ্হি আৰু আলোকসজ্জাৰে মণ্ডপসমূহ সজাই তুলি সকলো পূজা সমিতিয়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণৰ অঘোষিত প্রতিযোগিতাত নামি পৰিছে। এই প্রতিযোগিতাত পিছপৰি থকা নাই আঠগাঁও সার্বজনীন দুর্গাপূজা উদযাপন সমিতি। আঠগাঁও সার্বজনীন দুর্গাপূজা উদযাপন সমিতিয়ে পৰম্পৰা আৰু প্রকৃতিৰ সৃষ্টিক আগত ৰাখি পুৰণি ব্যৱহৃত বাঁহৰ ভিন্ন চমকেৰে পূজা মণ্ডপ সুসজ্জিতভাৱে তৈয়াৰ কৰিছে৷ প্ৰায় ১৬লাখ টকা ব্যয়েৰে পূজা মণ্ডপৰ নিৰ্মাণ কাম সৰ্ম্পূণ হ’বলগীয়া আঠগাঁও পূজা সমিতিৰ এইবছৰৰ মুখ্য আকর্ষণ হ’ব ৩ডি প্রতিমা। উদযাপন সমিতিৰ সাধাৰণ সম্পাদক সন্দীপ আনন্দে জানিবলৈ দিয়া মতে অসমৰ জাতীয় জীৱনৰ পৰিচায়ক বাঁহ শিল্পক বিশ্ব দৰবাৰত তুলি ধৰিবলৈ সমিতিয়ে পৰম্পৰাগত বাঁহেৰে পূজা মণ্ডপ নিৰ্মাণ কৰিছে৷ মণ্ডপ নিৰ্মাণত ব্যৱহৃত বাঁহৰ ক্ষেত্ৰতো সমিতিয়ে বিশেষ গুৰুত্ব দিছে৷ নতুন বাঁহৰ পৰিবৰ্ত্তে পুৰণা ব্যৱহৃত বাঁহেৰে পূজা মণ্ডপটো নিৰ্মাণ কৰা হৈছে৷ মণ্ডপ নিৰ্মাণত বাঁহৰ কম ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে৷ আধ্যাত্মিকতাৰ ওপৰতো পূজা সমিতিয়ে গুৰুত্ব দিছে৷ পৰম্পৰাগত মন্দিৰৰ আৰ্হিত পূজা মণ্ডপটো নিৰ্মাণ কৰা হৈছে৷ ভক্তপ্ৰাণ লোকৰ আকৰ্ষণ আৰু দৰ্শকৰ মাজত কৌতুহল সৃষ্টিৰ কাৰণে সুসজ্জিত মন্দিৰৰ পৰিবৰ্তে এটা কাল্পনিক মন্দিৰৰ আধাৰত মণ্ডপটো তৈয়াৰ কৰা হৈছে৷ প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰি পূজা মণ্ডপত বৰ্জন কৰা হ’ব কৃত্রিম সা-সামগ্ৰী৷