তিতাবৰ, ৩০ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ আনন্দত সমগ্ৰ ৰাজ্য মতলীয়া হৈ থকা সময়তে তিতাবৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, তিতাবৰ আমগুৰিখাতৰ ধোদৰ আলিৰ কাষৰ এটা পুখুৰীত অচিনাক্ত পুৰুষৰ মৃতদেহটো উদ্ধাৰ কৰা হয়। পুখুৰীত মৃতদেহটো উদ্ধাৰৰ পিছত স্থানীয় লোকৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। প্ৰকৃততে এয়া কোনো ধৰণৰ দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড সেয়া সময়ত তদন্তহে ফাদিল হ’ব।