যোৰহাট, ২১ অক্টোবৰঃ যোৰহাটৰ কাছাৰী ময়দানত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত যোৰহাট আৰু শিৱসাগৰ জিলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাৱী ছাত্ৰ ছাত্ৰীক চলিত বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত ভাষণ দি অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে মেধাবী ছাত্ৰ ছাত্ৰী সকলক ৰাজনীতিলৈ আহিবলৈ আহ্বান জনায়। তেওঁ ভাষণ প্ৰসংগত কয় যে মেধাবী লোক সকলৰ সমাজৰ কাম কৰিলেহে দেশৰ উন্নতি হ’ব। অনুষ্ঠান যোৰহাট আৰু শিৱসাগৰ জিলাৰ ৫ জনকৈ মেধাবী ছাত্ৰ ছাত্ৰীক প্ৰতীকী ৰূপত লেপটপ প্ৰদান কৰা হয়।  উল্লেখ্য যে, চলিত বৰ্ষত যোৰহাটত ৮৪৩ গৰাকীয়ে ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটা লাভ কৰাৰ বিপৰীতে শিৱসাগৰ জিলাৰ ৯৬৯ গৰাকী মেধাবী ছাত্ৰ ছাত্ৰীয়ে এই বঁটা লাভ কৰে। প্ৰথম বিভাগত ৭৫% নম্বৰ পাই সফলতা অৰ্জন কৰা ১৮হাজাৰ শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰা লেপটপৰ লগত থাকিব দুবছৰৰ বাবে বিনামূলীয়া ইন্টাৰনেট সেৱা, বিজ্ঞানৰ তিনিটা বিষয়ৰ এনচিইআৰটি পাঠ্যপুথি আৰু মেডিকেল, ইঞ্জিনীয়েৰিং প্ৰৱেশিকা পৰীক্ষাৰ বাবে টিউটৰিয়েল এপ। সভাখনত দেৰগাঁৱৰ বিধায়ক ভবেন ভৰালী, যোৰহাট জিলাৰ উপায়ুক্ত বিৰেন্দ্ৰ মিট্টাল, যোৰহাট জিলা পৰিষদৰ সভানেত্ৰী বিমলা সোনোৱালৰ প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।