ৰঙিয়া, ২২ অক্টোবৰঃ মধুপুৰ সত্ৰলৈ নিশা ৰঙিয়াৰ পৰা ৰাওনা হয় বিধায়ক ভৱেশ কলিতা সহ ৮০০ ভকত বৈষ্ণৱ, আই মাতৃ। উল্লেখ্য যে, চলিত বৰ্ষত গুৰুজনাৰ ৫৬৯ তম জন্ম জয়ন্তীৰ ৰঙিয়া জিলা শাখাৰ অধিবেশনখন কোঁচবিহাৰৰ মধুপুৰ সত্ৰত অনুস্থিত হৈছে৷ অধিবেশনত অংশগ্ৰহণৰ কাৰণে ৰঙিয়া জিলা শাখাৰ মুঠ ৮০০ ভকত ১৬ খন বাছেৰে মধুপুৰ সত্ৰলৈ ৰাওনা হয়। ভক্তৰ দলটোৰ লগত গুৰুজনাৰ জন্ম জয়ন্তীত অংশগ্ৰহণৰ কাৰণে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাও ৰাওনা হয়। বিধায়ক কলিতাই সৰ্ম্পূণ নিজা খৰচ আৰু নিৰীক্ষণত ৰঙিয়াৰ পৰা শনিবাৰে মাজনিশা মধুপুৰ সত্ৰৰ অভিমুখে ৰাওনা হয়। বিধায়কগৰাকীক সংগী হিচাপে পাই স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে ভক্তৰ দলটো।