ৰঙিয়া, ২৬ অক্টোবৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত ৰঙিয়াৰ খন্দিকৰত এবিএমছুৰ তামুলপুৰ জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে লাফিকুলক হত্যাৰ মূল অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত ৰেলপথ অৱৰোধ কৰে৷ এবিএমছুৰ হেজাৰ হেজাৰ প্ৰতিবাদকাৰীয়ে ৰেলপথৰ ওপৰত বহি অসম চৰকাৰ হায় হায়, এছপি ৰাজেন সিঙক শীঘ্ৰে নিলম্বন কৰক, লাফিকুলক হত্যা কৰা মূল অভিযুক্তত শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদস্থলীত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰবাবে ব্যাপক সংখ্যক আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, ৰেল সুৰক্ষা বাহিনীক মোতায়ন কৰা হয়। খন্দিকৰত ৰেলপথ অৱৰোধৰ বাবে ৰঙিয়া নাহৰলগুণ, মুৰ্কচেলেং, ডেকাৰগাওঁ উজনি নামনি অভিমুখী বহু ট্ৰেইন বাতিল কৰা হয়৷ আনহাতে ওদালগুৰিত ৰঙিয়া অভিমুখী শতাব্দী এক্সপ্ৰেছখন বহু সময় ধৰি আৱদ্ধ হৈ থাকে।