দেৰগাওঁ, ২৯ অক্টোবৰঃ উত্তৰ পশ্চিম কাকদোঙা গাওঁ পঞ্চায়তৰ সভাপতি পৱন বৰাৰ বিৰুদ্ধে স্থানীয় কেইজনমান আৰটিআই কৰ্মীয়ে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷ স্থানীয় লোকে অভিযোগ কৰা মতে, পৱন বৰাই কংগ্ৰেছ চৰকাৰৰ দিনত সেই সময়ত স্বনামধন্য ৰাজনৈতিক নেতাৰ আশিষধন্য হৈ ব্যাপক কেলেংকাৰী সংঘটিত কৰিছিল৷ পঞ্চায়ত সভাপতি গৰাকীয়ে হিতাধিকাৰীৰ পৰা ১০ৰ পৰা১৫ হেজাৰ টকা উৎকোচ লৈ ইন্দিৰা আৱাস যোজনাৰ গৃহ আৱন্টন দিছিল৷ অসমীয়া এষাৰ কথা আছে, এশ গৰু মাৰিলে বাঘৰো মৰণ৷ এই আপ্ত বাক্যষাৰী সৰ্ম্পূণ ভাবে মিলি গৈছে দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সভাপতিজনৰ ক্ষেত্রত৷ উত্তৰ পশ্চিম কাকদোঙাৰ কচু গাঁৱত এমজিএনৰেগা আঁচনিৰ এটা পথ নিৰ্মাণ কৰিবলৈ কংগ্ৰেছ চৰকাৰৰ দিনত ৭ লাখ টকা আৱন্টন দিয়া হয়৷ পথটোৰ নিৰ্মাণৰ নামত বৰাই কেইটামান শিলগুটি পেলাই চৰকাৰী আঁচনিৰ সমুদায় ধন আত্মসাৎ কৰে৷ আনহাতে পথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাত স্থানীয় কেইজনমান আৰটিআই কৰ্মীয়ে তথ্য জনা অধিকাৰ আইনৰ জড়িয়তে পোৱা তথ্যৰ ভিত্তিত পঞ্চায়ত সভাপতি জনৰ বিৰুদ্ধে স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।