মিৰ্জা, ২৯ অক্টোবৰঃ দক্ষিণ কামৰূপত দিন হাজিৰা কৰা শ্ৰমিকক প্ৰাণনাশৰ ভাবুকিৰে উকা দলিলত চহী লোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, দক্ষিণ কামৰূপৰ বঙৰা মাজপাৰাৰ নিবাসী তথা দিন হাজিৰা কৰা শ্ৰমিক দুৰ্গেশ্বৰ নাথক সহযোগী জন্মিজয়ে কথাৰ চলেৰে ৰঙামাটিৰ ৰাজেন নাথৰ ঘৰলৈ  নিয়ে৷ ৰাজেন নাথৰ ঘৰত উপস্থিত হোৱাৰ পিছত দুয়োৱে দুৰ্গেশ্বৰক প্ৰাণে মৰাৰ ভাবুকিৰে এখন উকা দলিল আৰু উকা কাগজত স্বাক্ষৰ লয়৷ স্বাক্ষৰ কৰি দুৰ্গেশ্বৰে ঘৰলৈ যোৱাৰ সময়ত ৰাজেন নাথ আৰু জন্মিজয়ে ২৫ হাজাৰ টকা দিয়ে আৰু এই সন্দৰ্ভত অভিযোগ দাখিল কৰিলে বা গোচৰ দিলে প্ৰাণে মৰাৰ ভাবুকি দিয়ে৷ দুৰ্গেশ্বৰ নাথে বৰ্তমান ঘটনাৰ সন্দৰ্ভত পলাশবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ পলাশবাৰী থানাই এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩২২/১৭ নম্বৰত ১২০/৩৮৪ গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ ৰাজেন নাথে দীৰ্ঘদিন ধৰি মাটিখিনি হস্তগত কৰাৰ কাৰণে বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ দুৰ্গেশ্বৰে অভিযোগ কৰে৷