ডিগবৈ, ২১ নৱেম্বৰ: থলুৱা নিবনুৱাক প্ৰৱঞ্চনা কৰি বহিৰাগত প্ৰাৰ্থী আমদানিৰে অসম তেল সংমণ্ডলে এপেণ্ডিক্স পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে তৈল নগৰী ডিগবৈ৷ অসম তেল সংমণ্ডলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত আজি আলফাৰ যুদ্ধ বিৰতি গোটৰ নেতা জীতেন দত্ত, আই অ চি লেবাৰ ইউনিয়ন, অঞ্চলটোৰ বহুকেইটা দল সংগঠন ক্ৰমে আছু, অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা, তাই আহোম ছাত্ৰ সন্থা, তাই আহোম যুৱ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদৰ কালছোৱাত প্ৰতিবাদকাৰীসকলে অসম বিৰোধী চক্ৰ হুচিয়াৰ, আই অ চি এল হুচিয়াৰ, থলুৱাক প্ৰৱঞ্চনা নচলিব ইত্যাদি ইত্যাদি ধৰ্ণা শ্ল’গানৰে পৰিস্থিতি উত্তাল কৰি তুলে৷ উল্লেখ্য যে, কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলে যোৱা ১৯ নৱেম্বৰত অনুষ্ঠিত কৰে এশ ত্ৰিশটা এপেণ্ডিক্স পদৰ বাবে লিখিত পৰীক্ষা৷ বিগত সময়ত তেল নিগমত খালি হোৱা কেইবাটাও কাৰিকৰি পদৰ চাকৰিৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হ’বলৈ অহা বহিৰাগত প্ৰাৰ্থীক ডিগবৈৰ দল সংগঠনে খেদি পঠিওৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ মেনেজমেণ্টে অতি সংগোপনে এই পৰীক্ষা অনুষ্ঠিত কৰে৷ পুৱা ৮ বজাৰ পৰা প্ৰাৰ্থীসকলক ডিগবৈ আৰক্ষী থানাৰ সন্মুখৰ পৰা আৰক্ষী, চি আৰ পি এফৰ নিৰাপত্তা বেষ্টনীৰ মাজত কাৰ্মেল আৰু ডি পি এছ স্কুলৰ বাছেৰে পৰীক্ষা কেন্দ্ৰলৈ লৈ যায়৷ আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত নিৰ্দ্দিষ্ট সময়ত পৰীক্ষা অনুষ্ঠিত কৰে৷ মন কৰিব লগীয়া যে, এশ বিশটা এপেণ্ডিক্স পদৰ এই লিখিত পৰীক্ষাত বিহাৰ, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰ মুঠ ৬২ জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল৷ ইয়াৰে প্ৰতিবাদস্বৰূপে আজি এইদৰে দল সংগঠন সমূহে প্ৰতিবাদ সাব্যস্ত কৰি এপেণ্ডিক্সৰ কেওটা পদতেই থলুৱা প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিবলৈ দাবী জনাই৷