শিমলুগুৰি, ২১ নৱেম্বৰ: টেঙাপুখুৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক গোট, পৰিচালনা সমিতি আৰু ছাত্ৰ সংসদৰ সৌজন্যত অঞ্চলটোত প্ৰথম বাৰৰ বাবে শিশু সকলক সামৰি এক ব্যতিক্ৰমী অনুষ্ঠান “গীতে – মাতে শিশুৰ সমন্বয়ৰ এদিন” দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। নাজিৰা আৰু চৰাইদেউ মহকুমাৰ প্ৰতিবেশী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকলক একোখন মঞ্চত একগোট কৰি পৰিচয় বিনিময়ৰ লগতে সাহিত্য আৰু সাংস্কৃতিক প্ৰতিভা বিনিময় কৰি মুকলি পৰিৱেশৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত বন্ধু বিছাৰি সমন্বয় স্থাপনৰ উদ্দেশ্য আগত ৰাখি কৰা অনুষ্ঠানটোৰ আৰম্ভণিতে নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে টেঙাপুখুৰী মজলীয়া বিদ্যালয়ৰ ছাত্ৰ সংসদৰ প্ৰধানমন্ত্ৰী ঋষভ সোণোৱালে। বন্তি প্ৰজ্বলন আৰু ধূপ হস্য প্ৰদান কৰে ছাত্ৰ সংসদৰ উপ- প্ৰধানমন্ত্ৰী পম্পী বৰা আৰু শ্ৰেণী মন্ত্ৰী ৰশ্মিৰেখা সোণোৱালে। বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলো শৃংখলাবদ্ধভাৱে শোভাযাত্ৰা কৰি অংশগ্ৰহণ কৰা পৰিৱেশৰ উল্লেখযোগ্য দিশটো হ’ল ৪০ নং টেঙাপুখুৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে নেহৰুৰ ফটো চোলাত লগাই প্ৰৱেশ কৰাটো। মাল্যাৰ্পণৰ পিছতে নেহৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত থিয় হৈ সকলো বিদ্যালয়ৰ ছাত্ৰ-শিক্ষকে একত্ৰিতভাৱে পৰিৱেশন কৰাটো আছিল অনুষ্ঠানৰ অন্য এক দৃষ্টি নন্দন দৃশ্য। প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-শিক্ষকক মঞ্চত তুলি সমুহীয়াভাৱে পৰিচয় বিনিময় কৰা দিয়াৰ লগতে নিজ নিজ বিদ্যালয়ৰ কোৰাচ পৰিৱেশন কৰা হয়। টেঙাপুখুৰী ইতিহাস সামৰি বিদ্যালয়ত কৃতি শিক্ষক বৈকুণ্ঠ বৰকাকতীয়ে ৰচনা কৰা সুৰ দিয়া এটি গীতে সকলোকে স্বাগতম জনায় নিজ বিদ্যালয়ৰ ছাত্ৰীসকলে। গীত – মাত, কৌতুক, কবিতা – আবৃত্তি, ঝুমুৰ নৃত্য, ৰাভানৃত্য, আধুনিক একক আৰু দলীয় নৃত্য, জিকিৰ পৰিৱেশন আদিৰ জৰিয়তে ছাত্ৰ – ছাত্ৰীসকলে গীতে – মাতে দিনটো উপভোগ কৰে। অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন কৃতী শিক্ষক প্ৰেম গগৈ, দিলিপ বৰুৱা, শিক্ষক প্ৰবীন কোঁৱৰকে মূখ্য কৰি অভিভাৱক আৰু সাধাৰণ ৰাইজৰ পৰা লোৱা সাক্ষাৎকাৰত সকলোৱে অনুষ্ঠানটোৰ লগতে উদ্যোগৰ শলাগ লয়।