ডিগবৈ, ২১ নৱেম্বৰ: পুনৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তৈল নগৰী ডিগবৈত৷ এখন চাহ বাগিছাৰ পৰিচালকক অপহৰণৰ বৃথা চেষ্টা চলাই উগ্ৰপন্থীৰ৷ কথমপি বুদ্ধি কৰি পলাই সাৰে বাগিছা খনৰ পৰিচালক৷ সম্প্ৰতি এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ জানিব পৰা মতে, ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰীকৃষ্ণ চাহ বাগিছাত নিশা প্ৰায় ৭:৩০ বজাত পৰিচালকক অপহৰণৰ উদ্দেশ্যে বাগিছাখনত উপস্থিত হয় অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত সন্দেহযুক্ত উগ্ৰপন্থীৰ এটা ৬ জনীয়া দল৷ দলটোৱে পৰিচালকৰ আবাসগৃহত উপস্থিত হৈ পৰিচালকক বিচাৰে কিন্তু পৰিচালক উমেশ চন্দ্ৰ ত্যাগীয়ে কৌশলৰে আবাসগৃহৰ পৰা পলায়ন কৰে৷ লগে লগে আৰক্ষীক এই সন্দৰ্ভত তেওঁ অৱগত কৰে৷ ইয়াৰ পিছতে অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ইফালে উগ্ৰপন্থীৰ দলটোক বিচাৰি অঞ্চলটোত সেনা বাহিনী আৰু আৰক্ষীয়ে এতিয়া তীব্ৰ অভিযান চলাইছে৷ আলফাৰ অপাৰেশ্বন কামাণ্ডাৰ ৰূপম অসমৰ নেতৃত্বত অপহৰণৰ এই প্ৰচেষ্টা চলোৱা সন্দেহ কৰা হৈছে৷