নগাঁও, ২৪ নৱেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বিভিন্ন স্থানত অব্যাহত আছে হাতী আৰু মানুহৰ সংঘাত৷ বিশেষকৈ চোৰাং কাঠ বেপাৰীৰ লগতে এচাম অসাধু চক্ৰই পাহাৰৰ মূল্যবান গছ-গছনি কাটি তহিলং কৰাৰ ফলত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বন্যহস্তীয়ে কৃষকৰ সোণোৱালী ধাননি পথাৰ তচনচ কৰিছে৷ বন-বিভাগৰ একাংশ বিষয়া- কৰ্মচাৰীৰ লগত চোৰাং কাঠ বেপাৰীয়ে মিতিৰালি কৰি দিনে-নিশাই কাঠ, বাঁহ আদিৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰখাত ক্ৰমাৎ উদং হোৱা পাহাৰৰ পৰা নামি অহা জাক-জাক বনৰীয়া হাতীয়ে বছৰৰ বাৰ মাহতেই সৃষ্টি কৰিছে সন্ত্ৰাস৷ বন্যহস্তীৰ সন্ত্ৰাসৰ ফলত এতিয়া বিনিদ্ৰ ৰজনী যাপন কৰিবলগীয়া হৈছে নগাঁও জিলাৰ বঢ়মপুৰ, পুৰণিগুদাম আৰু চামগুৰিৰ ৰাইজে৷ চামগুৰি আৰু বঢ়মপুৰৰ বিভিন্ন অঞ্চলত কৃষক সকলে বন্যহস্তীৰ উপদ্ৰৱত পথাৰৰ কেঁচা ধানকে কাটিবলগীয়া হৈছে৷ বন্যহস্তীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে যোৱা নিশা শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পুৰণিগুদাম নিকটৱৰ্তী জলাহগাঁৱত বন্যহস্তীৰ প্ৰায় ৭০-৮০ জনীয়া এটা দলে ওৰে নিশা সন্ত্ৰাসৰ সৃষ্টি কৰে৷ জানিব পৰা মতে, জলাহগাঁৱৰ পথাৰত বন্যহস্তীৰ দলটোৱে প্ৰায় পঞ্চাশ বিঘা মাটিৰ ধাননি পথাৰ অনিষ্ট কৰাৰ লগতে ৰাইজৰ বাৰীৰ গছ-গছনিয়ো ভাঙি তহিলং কৰে৷ পাছত স্থানীয় ৰাইজে বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ এটি দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত বন্যহস্তী খেদাৰ ব্যৱস্থা কৰে৷ উল্লেখ্য যে, হাতী আৰু মানুহৰ সংঘাতে দিনক-দিনে ভয়ংকৰ ৰূপ ধাৰণ কৰাত বৰ্তমান হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ’ব৷