শিমলুগুৰি, ২৯ নৱেম্বৰ: আমচাঙত  চৰকাৰে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ  জনজাতিসকলক কৰা অমানৱীয় উচ্ছেদ বৰ্বৰ অত্যাচাৰ চলোৱা আৰু   ষড়যন্ত্ৰমূলক ভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বেদান্ত লস্কৰ, ধৈৰ্য কোঁৱৰ আৰু গোপী শইকীয়াৰ মুক্তি প্ৰতিবাদত আজি ৰাজপথত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিমলুগুৰি আঞ্চলিক সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে৷ কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আছিফ ইছলাম, শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি বিকাশ ফুকন,  কাৰ্যকৰী সভাপতি ইমৰান আলি, সহঃ সম্পাদক জাকিৰ হুছেইনৰ  লগতে শতাধিক কৰ্মীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে।