ধুবুৰী, ৩০ নৱেম্বৰ: আজি পুৱতি নিশা সেনা আৰু ধুবুৰী আৰক্ষীৰ এটি দলে অভিযান চলাই ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কুন্তিৰচৰত হাসেম আলী (৪৫) নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। লগতে তেওঁৰ পৰা সেনা আৰু আৰক্ষীৰ দলটোৱে এটা হস্ত নিৰ্মিত পিষ্টল আৰু দুটা বোমা তেওঁৰ পৰা জব্দ কৰে। ঘটনা সন্দৰ্ভত ধুবুৰী সদৰ থানাত হাসেম আলীৰ বিৰুদ্ধে ১৪১৬/১৭ নম্বৰৰ এটি গোচৰ ৰুজু কৰিছে ।