ৰঙিয়া, ১৬ ডিচেম্বৰঃ ৰঙিয়া জিলাৰ ডিমুৰ বসন্ত ডেকাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত আৰক্ষীৰ বিৰুদ্ধে শনিবাৰে ক্ষোভিত ৰাইজে ধৰ্ণা কাৰ্য্যসূচী গ্ৰহণ কৰে। অসম আৰক্ষী হায় হায়, ৰঙিয়া আৰক্ষী মুৰ্দাবাদ, বসন্ত ডেকাৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, বসন্ত ডেকাৰ হত্যাৰ বিচাৰ লাগে শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ক্ষোভিত ৰাইজে। ডিমুৰ ডোৱক অঞ্চলৰ প্ৰায় ডেৰ শতাধিক লোকে ৰঙিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্য্যসূচী গ্ৰহণ কৰি বসন্ত ডেকাৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ মহকুমাধিপতিক এখন স্মাৰকপত্ৰ প্ৰদান কৰে। প্ৰতিবাদকাৰীসকলে ৰঙিয়া চকীৰ সন্মুখটো আৰক্ষীৰ বিৰুদ্ধে ধৰ্ণা প্ৰদর্শন কৰি বসন্ত ডেকাৰ হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ দাবী জনায়। বসন্ত ডেকাৰ হত্যাকাৰীক অতি শীঘ্ৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে প্ৰতিবাদকাৰীয়ে তীব্র আন্দোলনৰ হুংকাৰ দিয়ে। উল্লেখ্য যে যোৱা ১ ডিচেম্বৰত ৰঙিয়াৰ ডিমু- ডোৱকত কোনো দুৰ্বৃত্তই হত্যা কৰি হাত-ভৰি বান্ধি যুৱক জনক গছত ওলোমাই থৈছিল। অতি দুখৰ কথা যে বসন্ত ডেকাৰ বিবাহৰ দিনটোতে আদ্যশ্ৰাদ্ব পাতিব লগা হৈছিল দুৰ্ভগীয়া পৰিয়ালটোৱে। ১৫ দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে বসন্তৰ হত্যাকাৰীক কৰায়ত্ব নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে ।