মাৰ্ঘেৰিটাৰ পৰা ৰবিন শৰ্মা, ১৬ ডিচেম্বৰঃ তিনিচুকীয়া জিলাৰ জাগুনত ৯ মাইলৰ ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰুণাভ ফুকনক শুক্ৰবাৰে জয়ৰামপুৰ খান্দু গাঁৱৰ পৰা এটা ৫ জনীয়া সন্দেহজনক আলফা(স্বা)ৰ দলে অপহৰণ কৰাৰ ঘটনাই সমগ্ৰহ তিনিচুকীয়া জিলাত চাঞ্চল্য সৃষ্টি কৰাৰ পিছত শুকুৰবাৰৰ নিশাৰে পৰা সেনা-আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। সেনা আৰক্ষীৰ দলে অৰুণাচলৰ দুৰ্গম জংঘলত সোমাই তীব্ৰ অভিযান চলাই থকাৰ সময়তে আজি পুৱাৰ ভাগত অৰুণাচলৰ ফাটেক নামৰ এখন দুৰ্গম অৰণ্যত সেনা আৰু আৰক্ষীৰ এটি উগ্ৰপন্থীৰ দলৰ সৈতে মুখামুখি হয়। অৰণ্যত দুয়ো পক্ষৰ মাজত প্ৰায় একঘন্টা ধৰি গুলিয়াগুলি চলা বুলি জানিব পৰা গৈছে। সেনা আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত হোৱা গুলিয়াগুলি ফলত কোনোধৰণৰ হতাহতৰ হৈছে নে নাই জানিব পৰা হোৱা নাই। আনহাতে দিলীপ ফুকনৰ নামত পঞ্জীয়ন হোৱা এএছ-২৩কে-৪৪০৯ নামৰ গাড়ীখন অৰুণাচলৰ চামৰু বস্তিত উদ্ধাৰ হয়৷ উদ্ধাৰ হোৱা গাড়ীখন দিলীপ ফুকনৰ পুত্ৰ অৰুণাভে ফুকনে অপহৰণ কাণ্ড সংঘটিত হোৱাৰ দিনা চলাই গৈছিল। লগতে অপহৰণকাৰীয়ে ব্যৱহাৰ কৰা এআৰু-১২-৭৪৭৭ নম্বৰৰ মাহিন্দ্ৰা জীপখনো একে স্থানৰ পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে৷