নলবাৰী, ১৬ ডিচেম্বৰঃ নলবাৰী জিলাৰ সদৰ থানাৰ অন্তৰ্গত কমাৰকুছিৰ বালিকুছিত শনিবাৰে নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই শোকাবাহ দুর্ঘটনত ফলত থিতাতে নিহত হয় এটাপৰিয়ালৰ ৬ জনকৈ লোক৷ নিহত পৰিয়ালটো নলবাৰী জিলাৰ বৰভাগৰ সোণকলিৰ বুলি জানিব পৰা গৈছে৷ গুৱাহাটীৰত এক বিয়াৰ অনুষ্ঠানত ভাগলৈ নলবাৰীলৈ ওভতাৰ পথত সংঘটিত হয় এই শোকাবাহ দুর্ঘটনটো। শনিবাৰে পুৱাৰ ভাগৰ পৰা ৰাজ্যখনক আৱৰি থকা কুঁৱলীৰ পৰিমাণ নিশাৰ ভাগত বৃদ্ধি পোৱাৰ ফলত এই দুর্ঘটনা সংঘটিত হয়। নিশাৰ ভাগত কুলিৰ পৰিমাণ বৃদ্ধি হোৱাত গুৱাহাটীৰ পৰা এএছ-০১এমবি-৮৮৬৩ নম্বৰৰ এল্ট গাড়ীখনৰ চালকজনে কুঁৱলীৰ বাবে স্পষ্টভাবে দেখা নোপোৱাৰ ফলত পথৰ ওপৰৰ দলঙ এখনত খুন্দা মাৰি প্ৰায় ৫০ ফুট দ’ খাৱৈত বাগৰি পৰে। এই শোকাৱহ দুৰ্ঘটনাৰ ফলত একেখন পৰিয়ালৰ ৬ জনকৈ লোক নিহত হয়। নিহত লোকসকল ক্ৰমে সমৰাম তালুকদাৰ তেওঁৰ পত্নী বৰদা তালুকদাৰ দুই জীয়ৰী ৰুমী আৰু প্ৰগতি তালুকদাৰ আৰু পম্পী তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে৷ দুৰ্ঘটনাটোত ৰুমী তালুকদাৰৰ কন্যা সন্তানটিও থিতাতে নিহত হয় ৷