মিৰ্জাৰ পৰা অজয় দাস, ১৭ ডিচেম্বৰঃ সকলো প্ৰেক্ষাপতত এতিয়া জিলিকিব ধৰিছে অসম সন্তান, ক্ৰিয়া জগতৰ পৰা আৰম্ভ কৰি সংগীত জাগতলৈকে সকলোতে এতিয়া অসম সন্তানৰ জয়যাত্ৰা আৰম্ভ হৈছে। কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীত অনুষ্ঠিত হৈযোৱা আইবা মহিলা বক্সিঙ প্ৰতিযোগিতাত সোনৰ পদক লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই অনা অংকুশীত বড়োৰ পিছত গুৱাহাটী মহানগৰীৰ গাড়ীগাঁওৰ ধীৰাজ ৰাজবংশীয়ে দেওবাৰে বৰঝাৰ বিমান বন্দৰ পৰা উৰা মাৰিছে বেঙ্ককলৈ মিষ্টাৰ এছিয়া দেহশ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ। আঠ বাৰকৈ মিষ্টাৰ কামৰূপ, চাৰি বাৰকৈ মিষ্টাৰ অসম আৰু পাচ বাৰকৈ মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰিবলৈ শৈষম হোৱা ধীজাৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিছে ৰাজ্যবাসী। বহু দিন ধৰি মিষ্টাৰ এছিয়া দেহশ্ৰী প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা ধীৰাজে বেঙ্ককত ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হব লগীয়া মিষ্টাৰ এছিয়া দেহশ্ৰী প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হয়। ধীৰাজৰ লগতে মিষ্টাৰ এছিয়া দেহশ্ৰী প্ৰতিযোগিতাৰ বাবে অসমৰ পৰা নিৰ্বাচিত হৈছে দীপক গগৈ, ইজাজুল হক, আৰু প্ৰণৱ লাংথাচা। “সংবাদ ৩৬৫” ফালৰ পৰা অসমৰ সকলো প্ৰতিযোগীলৈ থাকিল শুভকামনা। এই চাৰি অসম সন্তানৰ কোনোবা এজনে মিষ্টাৰ এছিয়াৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱাটোৰ কামনা কৰিছে অসমবাসী ৰাইজে।