বঙাইগাঁৱৰ পৰা কিশোৰ কুমাৰ দাস, ১৭ ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী উত্তৰ শালমাৰাৰ বাখলগাঁওত শনিবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত সমগ্ৰহ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰাপ্ত তথ্য মতে শনিবাৰে নিশা প্ৰায় ৯ বজাত বঙাইগাঁওৰ পৰা উত্তৰ শালমাৰাৰ অভিমুখী নিমখৰ বস্তা কঢ়িয়াই লৈ আহি থকা এএছ-১৭-০০৪৭ নম্বৰৰ এখন ট্ৰাক আৰু উত্তৰ শালমাৰাৰ পৰা বঙাইগাঁওলৈ গৈ থকা এ এএছ-১৯চি-০৮২৭নম্বৰৰ মেজিক গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষৰ হোৱাত তিনজনকৈ ব্যক্তি আহত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় ৰাইজ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উত্তৰ শালমাৰা আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত তিনিওজনক বঙাইগাঁওলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও চিকিৎসালয়লৈ পোৱাৰ পূৰ্বে নকুল ৰায় আৰু খিলেশ্বৰ ৰায়ৰ নামৰ দুজন লোকৰ মৃত্যু হয়। আনজন আহত ব্যক্তিজন সংকটজনক অৱস্থাত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে ঘন কুৱঁলীৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে শনিবাৰে নিশাই নলবাৰী জিলাটো ঘন কুঁৱলীৰ বাবে এক পথ দুর্ঘটনা সংঘটিত হোৱাত একেখন পৰিয়ালৰ ৬ জনকৈ লোক নিহত হয়।