নগাঁও, ২৭ ডিচেম্বৰ: নগাঁও জিলাৰ সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বৰদোৱাৰ কদমনিত বন বিভাগে আজি এক অভিযান চলায়। জানিব পৰা মতে নগাঁও বন সংমণ্ডল বিষয়া শুভাশীষ দাসৰ নিৰ্দেশত এ চি এফ বিষয়া সুভাষ কদম আৰু খণ্ড বন বিষয়া প্ৰভাত বৰাৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে বৰদোৱাৰ কদমনিত অভিযান চলায় এটা অবৈধ কাঠ মিল জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা অবৈধ কাঠ মিলটোৰ গৰাকী বৰ্তমান পৰ্যন্ত চিনাক্ত হোৱা নাই বুলি বন বিভাগৰ এক সুত্ৰৰ পৰা জানিব পৰা গৈছে। উল্লেখ্য যে বন বিভাগৰ দলটোত নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী আৰু বন সুৰক্ষা বাহিনীৰ লোক উপস্থিত আছিল।