বটদ্ৰৱা, ৩০ ডিচেম্বৰ: নগাঁও জিলাৰ জাজৰিত একাংশ যুৱকৰ যান-বাহন চলোৱাৰ নূন্যতম জ্ঞান নথকাৰ বাবেই সঘনাই সংঘটিত হ’বলৈ ধৰিছে পথ দুৰ্ঘটনা। কিন্তু এই ক্ষেত্ৰত জিলা পৰিবহণ বিভাগ তথা আৰক্ষী প্ৰশাসনে অদ্যপি কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তেনে এজন উদণ্ড বাইকচালকৰ বাবেই আজি জাজৰিত সংঘটিত হয় আন এক পথ দুৰ্ঘটনা। জানিব পৰা মতে, জাজৰি মুছলমান গাঁও নিবাসী ইদ্ৰিছ আলীৰ পুত্ৰ ৱাজিদ খানে এখন হিৰোহোণ্ডা গ্লেমাৰ বাইকেৰে(AS 02 M 4559) তীব্ৰবেগত আহি জাজৰি বাছ আস্থানৰ সমীপৰে এটা চাৰিআলিত বিপৰীত দিশেৰে অহা AS 02 AC 5292 নম্বৰৰ টাটা মবাইল গাড়ীখনত খুন্দা মাৰে। দুৰ্ঘটনাটোৰ ফলত বাইক চালক ৱাজিদ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত ১০৮ মৃত্যুঞ্জয় সেৱাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।