শিমলুগুৰিৰ পৰা নেকিবুল হক, ৩১ডিচেম্বৰ: শিৱসাগৰ জিলাৰ সমগ্ৰ অঞ্চলৰ লগতে সিঁচৰিত হৈ থকা ৬০০বছৰীয়া আহোম ৰাজত্ব কালৰ স্মৃতি বহন কৰি অহা প্ৰাচীন কীৰ্তি চিহ্ন সমূহৰ ভিতৰৰ নাজিৰাৰ সমীপৰ চকী মুখ য’ত আহোম ৰাজত্ব কালত চকীয়াল মানুহৰ বাসস্থান যি চকীত কাষৰ নগা পাহাৰৰ নগা জনগোষ্ঠীয় লোক সকল আহোম ৰাজ্যলৈ আহোতে এই চকীত অনুমতি ল’ব লাগিছিল সেই চকী মুখত থকা হেকেৰা বৰ বৰুৱা পৰিয়ালৰ বাৰী লগতে চকীমুখ পদুম পুখুৰী চিনেমা বাৰীত থকা ১১টা আহোম ৰাজত্ব কালৰ স্মৃতি বহন কৰি অহা মৈডাম সময়ৰ আঁছুৰ আৰু কালৰ গ্ৰাস তথা স্থানীয় বাসিন্দা সকলৰ আগ্ৰাসী মনোভাৱৰ বাবে হয়তো মৈডামৰ ভিতৰত চিৰ শান্তিত থকা ডা-ডাঙৰীয়াৰ আত্মাই চিৎকাৰ কৰি উঠিছে। কেইবাটাও মৈডামৰ মাটি খহাই সময়ৰ কুটিল ক্ষণত এদিন বিলুপ্তি হৈ যাব। অভিযোগ অনুসৰি, অসম চৰকাৰৰ এটা বিয়াগোম বিভাগ প্ৰত্ন তত্ব বিভাগ থকা স্বত্বেও আজি কুপতি কোনো ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা কৰা দেখা পোৱা হোৱা নাই। আন নালাগে এখন চাইন বৰ্ড লগোৱাৰ প্ৰয়োজন বোধ নাইকৰা সংশ্লিষ্ট বিভাগ বা বন বিভাগে।