লংকা, ৩১ ডিচেম্বৰ: লংকাৰ জোৰাপুখুৰীত আজি সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই দুৰ্ঘটনাত দুই বাইক আৰোহী নিহত হয়। জানিব পৰা মতে ,
নম্বৰপ্লেট বিহীন চিয়াজ বাহন খনে প্ৰচণ্ড জোৰে পালচাৰ বাইকত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটি সংঘটিত হয়। দুৰ্ঘটনাত নিহত দুই বাইক আৰোহীৰ পৰিচয় বাতৰি যুগুতোৱা পৰ্যন্ত উদ্ধাৰ হোৱা নাই।দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ পঞ্জীয়ন নম্বৰ:AS 02H 0468।