মাজুলী, সংবাদ ৩৬৫, ২৯ জানুৱাৰীঃ সোমবাৰে কাজিৰঙাৰ গঁড়ৰ আক্ৰমণ মাজুলীত নিহত হয় এজন কৃষক। সোমবাৰে পুৱা ৮০ বছৰীয়া কৃষক এজনে নিজৰ কুঁহিয়াৰণিত কাম কৰি থাকোঁতেই কাজিৰঙাৰ পৰা ওলাই অহা এটা গঁড়ে লোকজনক আক্ৰমণ কৰে। গঁড়ৰ আক্ৰমণত আহত হোৱা লোকজনাক ততাতৈয়াকৈ গড়মূৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বে লোকজনৰ মৃত্যু হয়। বিগত পাঁচ দিন ধৰি কাজিৰঙাৰ পৰা অহা এটা গঁড়ে মাজুলীৰ চাপৰিয়ে চাপৰিয়ে ঘূৰি ফুৰিছে। বন বিভাগৰ অশেষ চেষ্টা পিছতো গঁড়টোক হাবিলৈ ওভতাই পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগ। গঁড়ৰ মুক্ত বিচৰণৰ ফলত মাজুলীৰ ভকত চাপৰিবাসী আতংকিত হৈ পৰিছে। সোমবাৰে পুৱা কাজিৰঙাৰ পৰা আৰু এটা গঁড় ওলাই আহি মাজুলীৰ চাপৰিত উপস্থিত হোৱাত বৰ্তমান দুটাকৈ গঁড় মাজুলীৰ চাপৰিত মুক্ত বিচৰণ কৰিছে। গাঁওবাসীৰ মতে মাজুলীত পৰ্যাপ্ত বনকর্মী নথকাৰ বাবে মাজুলীৰ চাপৰিবাসী আতংকিত হৈ পৰিছে। মাজুলীত ইয়াৰ পূৰ্বেও গঁড়ৰ আক্ৰমণত কেইবাজনো লোক নিহত হৈছে। খৰালিত কাজিৰঙাত খাদ্যৰ নাটনি হোৱাৰ ফলত প্ৰায়ে গঁড় ওলাই আহি মাজুলীত আশ্ৰয় লয়৷